লখিমপুৰঃ অসমৰ অনুসূচিত জাতিক স্বায়ত্ব শাসন প্ৰদানৰ দাবীত, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰত শুকুৰবাৰে শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে৷ 

লখিমপুৰ জিলা উপাযুক্ত কাৰ্য্যালয়ৰ সম্মুখত বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্ল’গানেৰে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰি প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰি তোলে৷  লগতে অসম চৰকাৰলৈ জিলা উপাযুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰৰণ কৰে সংগঠনটোৱে৷