
নলবাৰীঃ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে সমগ্ৰ নলবাৰী। নলবাৰী আৰক্ষীৰ তৎপৰতাত ড্ৰাগচ ব্যবসায়ী যদিও এজন এজনকৈ ধৰা পৰিছে তথাপিও ইয়াৰ বজাৰ হ্ৰাস পোৱা নায়৷ বৰঞ্চ দৈনিক জিলাখনত বহুত এনে কিছুমান ধুৰন্ধৰ ব্যৱসায়ী দৈনিক আৱকাৰী বিভাগক কৰি মেনেজ কৰি আহিছে ড্ৰাগ ব্যৱাসায়ীয়ে৷
বুধবাৰে নিশা নলবাৰীৰ হৰিপুৰত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কৰেক্স জব্দ কৰে নলবাৰী আৰক্ষীয়ে। নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতাই এক গোপন সূত্ৰৰ পম খেদি ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপৰ হৰিপুৰত নিশা জব্দ কৰে এই চোৰাং ড্ৰাগছ।
গোপন সূত্ৰৰ ভিত্তিত তালাচী চলাই ড্ৰাগছ ব্যৱসায়ী ৰিকি আলী আৰু ৰফিক আহমেদক আটক কৰাৰ লগতে বৃহৎ পৰিমানৰ নিচাযুক্ত টেবলেট আৰু কৰেস্কৰ লগত নগদ দুই লাখ সত্তৰ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় নলবাৰী আৰক্ষী।
বিগত মাহত প্ৰায় চাৰিটা কৈ ড্ৰাগছৰ ঘাটি উচ্ছেদ হ’ল নলবাৰীত৷ ইফালে, দৈনিক বিলাতী সুৰা গাৱে-ভুৱে চহৰৰপৰা চালান দি আহিছে এটা দুষ্ট চক্ৰই৷ অসম চৰকাৰৰ এটা বিয়াগোম আৱকাৰী বিভাগ থকাৰ পিছতো বিনা সংকোচে দৈনিক কৰি আহিছে প্ৰচুৰ পৰিমাণৰ যোগান গ্ৰাম্যাঞ্চলৰ প্ৰায় সকলো ধৰনৰ সৰু-বৰ দোকানবোৰত৷ কিন্তু চকুমুদা কুলিৰ ভাও ধৰিছে আৱকাৰী বিভাগে৷