
নগাঁওঃ নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ৰূপহী আৰক্ষী থানাৰ চৌহদৰ ৰূপহী থানা গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ত শনিবাৰে এখন আইন সজাগতা সভা অনুষ্ঠিত কৰা হয়৷
বিয়লি ১ বজাৰপৰা অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে৷ প্ৰকৃততে জিলা ন্যায় প্ৰাধিকাৰীনো কি আৰু ইয়াৰ দ্বাৰা সাধাৰণ ৰাইজ কি দৰে উপকৃত হ’ব পাৰে এই বিষয়ে সম্পাদিকা প্ৰনিতা মৰাঙে সভাত বিস্তৃত ৰূপত ব্যাখ্যা দাঙি ধৰে৷
সজাগতা সভাখনত জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ পেনেল অধিবক্তা ৰূপালী গোস্বামীয়ে আইনৰ মূল ধাৰা সমূহৰ সন্দৰ্ভত উল্লেখ কৰাৰ ওপৰি বিশেষকৈ মটৰ দূৰ্ঘটনা আইনৰ ওপৰত বিশদভাৱে ব্যাখ্যা আগবঢ়ায়৷
ন্যায় সেৱা প্ৰাধিকাৰীৰ পেনেল অধিবক্তা জেচমিন বেগমে জিলা আইন সেৱা প্ৰাধিকাৰীয়ে কৰি অহা উন্নয়নমূলক কাম-কাজ সমূহ ব্যাখ্যা কৰাৰ লগতে গ্ৰাহক সুৰক্ষা আইনৰ ওপৰত বিস্তৃত তথ্য সমৃদ্ধ ব্যাখ্যা আগবঢ়োৱাৰ উপৰি ইয়াৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজ কিদৰে উপকৃত হ’ব পাৰে সেই সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়োৱাৰ বিপৰীতে অধিবক্তা জামাল উদ্দিন চৌধুৰীয়ে গ্ৰামাঞ্চলৰ ৰাইজৰ বাবে জিলা আইন সেৱাই বিভিন্ন সময়ত কৰা সহায় তথা আইনৰ বিভিন্ন ধাৰাৰ ওপৰত বহল ব্যাখ্যা আগবঢ়োবাৰ লগতে উপস্থিত ৰাইজক পুংখানুপুংখকৈ বুজাই দিয়ে৷
ৰূপহী থানাৰ ভাৰপাপ্ত আৰক্ষী বিষয়া কল্যাণ কুমাৰ গগৈয়ে আঁত ধৰা সভাখনত অৰ্ধ আইনী সহায়ক দ্বীপেন শইকীয়া, পাপুমনি বৰাকে প্ৰমুখ্য কৰি বৃহত্তৰ ৰূপহী আৰক্ষী থানা এলেকাৰ বিভিন্ন অঞ্চলৰ গাঁওবুঢ়া, গাঁওৰক্ষীবাহিনীৰ বিষয়-ববীয়া আৰু সদস্যসকলৰ লগতে বহুকেইটা মহিলা সংগঠনৰ বিষয়ববীয়া সহিতে শতাধিক লোক উপস্থিত থাকে৷