ডিফুঃ ডিফুৰ জৱাহৰ নৱোদয় বিদ্যালয়(JNV)ত জঘন্য ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে। এগৰাকী সহকৰ্মী শিক্ষয়িত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ উত্থাপন হোৱাৰ পিছত অধ্যক্ষ ৰাজেন্দ্ৰ কুমাৰৰ বিৰুদ্ধে ধৰ্ণাত বহিল বিদ্যালয়খনৰ শিক্ষাৰ্থী সকল৷ 

উত্থাপিত অভিযোগ অনুসৰি সহকৰ্মী শিক্ষয়িত্ৰী গৰাকীক নিজ কোঠালৈ মাতি নি শিক্ষয়িত্ৰীৰ শ্লীলতা হানি কৰে অধ্যক্ষ ৰাজেন্দ্ৰ কুমাৰে। কাৰ্বি পাহাৰৰ ডিফুৰ জৱাহৰ নৱোদয় বিদ্যালয়(JNV)ৰ অধ্যক্ষ ৰাজেন্দ্ৰ কুমাৰৰ বিৰুদ্ধে উত্থাপিত শ্লীলতা হানিৰ অভিযোগৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অধ্যক্ষ গৰাকীক। 

অভিযোগ অনুসৰি ১১ মাৰ্চৰ দিনা শিক্ষয়িত্ৰী গৰাকীক নিজ কোঠালৈ মাতি নি শ্লীলতা হানি কৰাৰ লগতে ভাবুকি প্ৰদান কৰিছিল অধ্যক্ষ ৰাজেন্দ্ৰ কুমাৰে। তাৰ পাছতেই ১২ মাৰ্চত নিৰ্যাতিতা শিক্ষয়িত্ৰী গৰাকীয়ে ডিফু সদৰ আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ। উক্ত এজাহাৰ ভিত্তিত আৰক্ষীয়ে ৪৬/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ৩৫৪ ৫০৬/ ৪২৭ ধাৰাৰ অধীনত দেওবাৰে গ্ৰেপ্তাৰ কৰে অধ্যক্ষ ৰাজেন্দ্ৰ কুমাৰক। 

বিদ্যালয়ত পৰীক্ষা চলি থকাৰ মাজতেই অধ্যক্ষক গ্ৰেপ্তাৰ কৰা ঘটনাক লৈ এতিয়া বাৰুকৈয়ে উদ্বিগ্ন কৰি তুলিছে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক সকল। ইফালে, এই ঘটনা পোহৰলৈ অহাৰ পাছতেই JNV ৰ সহকাৰী আয়ুক্ত গৰাকী বিদ্যালয়খনত উপস্থিত হৈ তেওঁলোকৰ ফালৰপৰা আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। একেদৰে এই ঘটনাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰো নিৰ্দেশ প্ৰদান কৰিছে জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই৷