বৰপেটাঃ দৌলোৎসৱৰ প্ৰাকমুহূৰ্তত দেওবাৰে সত্ৰনগৰী বৰপেটাত আৰক্ষীয়ে তালাচী চলাই এখন স্কুটাৰৰপৰা অবৈধভাৱে বিক্ৰীৰ বাবে অনা বিলাতী সুৰা জব্দ কৰে। 

জানিব পৰা মতে উক্ত সুৰাখিনি পাটবাউসীৰ জনৈক দিবু নামৰ সুৰা বেপাৰীজনে অবৈধভাৱে হাউলীৰপৰা বৰপেটালৈ আনি থকা অৱস্থাত বৰপেটা আৰক্ষীয়ে তৎপৰতাৰে তালাচী চলাই জব্দ কৰে। পিছত আৰক্ষীয়ে উক্ত সুৰা ব্যৱসায়ীজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে