
লখিমপুৰঃ ১৯৬০ চনৰ ভাষা আইনৰ অধিনত অসমত অসমীয়া ভাষাৰ প্ৰচলন হ’ব লাগে যদিও লখিমপুৰ চহৰত ব্যৱসায় প্ৰতিস্থান, শিক্ষা অনুস্থান আৰু চৰকাৰী প্ৰতিস্থানসমূহত অসমীয়া ভাষাৰ পৰিৰ্ৱতে অন্য ভাষা ব্যৱহাৰ কৰা সকলক নাকি লগাবলৈ অসমীয়া যুৱ মঞ্চই পূৰ্বৰে পৰা অসমীয়া ভাষাৰ ওপৰত আন্দোলন কৰি আহিছে৷
সেই ধাৰা অবাহত ৰাখি অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিয়ে সোমবাৰে লখিমপুৰ জিলাত অসমীয়া ভাষাৰ বিপৰীতে বেলেগ ভাষা ব্যৱহাৰ কৰা ব্যৱসায় প্ৰতিস্থান, শিক্ষা অনুস্থান আৰু চৰকাৰী প্ৰতিস্থানসমূহৰ ফলক সমূহত কলা ৰং হানি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ কঠোৰ ভাষাৰে সকীয়নি প্ৰদান কৰে।