খাৰুপেটীয়াঃ হোলীৰ আনন্দ উল্লাসৰ মাজতেই বৃহস্পতিবাৰে দৰঙৰ খাৰুপেটীয়াত নিশা ডকাইতি কাণ্ড সংঘটিত হয়৷ 

নগৰখনৰ মাজমজিয়াত থকা বাবুলাল পোড্ডাৰৰ গৃহত নিশা খিৰিকিৰ গ্ৰীল ভাঙি গৃহস্থক হাত ভৰি বান্ধি মুখত কলা কাপোৰ মেৰিয়াই অহা ৮/১০ জনীয়া ডকাইতৰ দলটোৱে লুটি নিয়ে সোনৰ আ-অলংকাৰৰ সৈতে মূল্যবান সা-সামগ্ৰী৷ 

খাৰুপেটীয়া হনুমান মন্দিৰৰ সন্মুখত সংঘটিত ডকাইতি কাণ্ডক লৈ নগৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বৰ্তমানে এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্তৰ অব্যাহত ৰাখিছে৷