22
Mar
2019

বৰপেটাঃ শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ উপলক্ষে বৰপেটাত শুকুৰবাৰে উদযাপন কৰা হয় সুৱেৰী অৰ্থাৎ ফাকুৱা৷ বিয়লি বৰপেটা সত্ৰৰপৰা দুয়ো গোঁসাইক দুখন চোদালাত তুলি গায়ন বায়নসহ অগণন ৰাইজে কলবাৰী সত্ৰলৈ হেকেটা খুৱাবলৈ নিয়ে৷
এই শোভাযাত্ৰাত সত্ৰৰ পৰাও কৃষ্ণ গোঁসাই অংশ গ্ৰহণ কৰে৷ তিনিও গোঁসাই ঘূৰি আহি বৰপেটা সত্ৰৰ মুখ্য প্ৰৱেশদ্বাৰ দালান পোৱাৰ লগে লগে সত্ৰৰ টুপৰ চোতালত চাৰিডাল বাঁহেৰে হেঙাৰ বান্ধে৷ ৰাইজে এডাল এডালকৈ বাঁহ চাৰিডাল ভঙাৰ পাছত গোঁসাই প্ৰৱেশত বাধামুক্তহৈ সত্ৰ চৌহদত প্ৰৱেশ কৰায়৷
তাৰ পাছত গোঁসাইক সত্ৰৰ কীৰ্তনঘৰৰ চাৰিওফালে সাতপাক ঘুৰায়৷ ইয়াৰ পিছত দৌলগোবিন্দ আৰু কলীয়া ঠাকুৰ গোঁসাইক পুনৰ সত্ৰৰ মনিকূট গৃহত প্ৰৱেশ কৰায় আৰু বাৰাদী সত্ৰৰ কৃষ্ণ গোঁসাইক বাৰাদী সত্ৰলৈ লৈ যায়৷ য’ত অগনন ভক্তপ্ৰেমীৰ ভিৰ দেখিবলৈ পোৱা গৈছে৷