তেজপুৰঃ বিশ্ব শান্তিৰ বাবে তেজপুৰৰ দাতিকাষৰিয়া পৰ্বতীয়া দেউৰি চুবুৰীত শনিবাৰৰপৰা দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত ভাগৱত পাঠ আৰু বাখ্যাৰে ভক্তিৰস প্ৰৱাহমান কৰে। 

দবা-শংখ আৰু খোল-তালৰে নাম ধৰ্মত মুখৰিতহয় ডিপোটা বামুন চুবুৰি নামঘৰ চৌহদ।

আজি পুৱা ভাগৱত লৈ অনুষ্ঠিত শোভাযাত্ৰা মুকলি কৰে বৰালিমৰা সত্ৰৰ সত্ৰাধিকাৰ শোভন মহন্তই। অঞ্চলটোত যাত্ৰা চলোৱা ভাগৱত যাত্ৰাই ৰাইজৰ মাজত ভক্তি ৰস বোৱাই নিয়ে৷ তেজপুৰৰ বহুকেইজন প্ৰতিষ্ঠিত পাঠকে ভাগৱত পাঠত ভাগ লয়।