জলসম্পদ বিভাগৰ অভিযুক্ত বিষয়া-ঠিকাদাৰৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ অনুমতি বিচাৰি স্মাৰক-পত্ৰ দাখিল 

ডিফুঃ কাৰ্বি আংলং জিলাৰ জলসম্পদ বিভাগৰ জৰিয়তে হাওৰাঘাট সমষ্টিৰ যমুনা নদীৰ পাৰত মথাউৰি নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নিতিৰ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷

মঙলবাৰে দুপৰীয়া ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত কাৰ্বি ফাৰ্মাৰ্ছ এছ’চিয়েছন চমুকৈ কেএফএ আৰু কাৰ্বি হিলছ ডেভ'লপমেণ্ট প্ৰটেকছন অৰ্গেনাইজেছন চমুকৈ কেএইছডিপিঅ'ই যুটীয়াভাৱে এক সংবাদ মেলৰ আয়োজন কৰি এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে৷ সংগঠন দুটাৰ শীৰ্ষ নেতৃত্বই সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ জলসম্পদ বিভাগে গৰাখহনীয়া, বানপানী আৰু শস্যৰ পথাৰসমূহ সুৰক্ষা দিয়াৰ স্বাৰ্থত বহুতো আঁচনিৰ কাম কৰিছে৷

ইয়াৰ ভিতৰত প্ৰায় ৫ কোটি টকা ব্যয় সাপেক্ষে হাওৰাঘাট সমষ্টিৰ অন্তৰ্গত যমুনা নদীৰ পাৰ বান্ধিবলৈ মথাউৰি নিৰ্মাণ কাৰ্য আছিল অন্যতম৷ উল্লেখযোগ্য যে উক্ত মথাউৰি নিৰ্মাণ কাৰ্যত কোনোধৰণৰ কাম নকৰাকৈ কামৰ সমুদায় ধন কামত জড়িত ২৪ ঠিকাদাৰে বিভাগীয় বিষয়াৰে সৈতে মিলি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠন দুটাই৷

অভিযোগমতে যমুনা নদীৰ মথাউৰি নিৰ্মাণ কাৰ্যত সংগঠন দুটাৰ তদন্ত কালত নিম্নমানৰ কাম আৰু এক প্ৰকাৰ কাম নকৰাৰ লগতে বিভাগীয় ভাৰপ্ৰাপ্ত বিষয়া মিজি ক্ৰ' আৰু কৃষ্ণকান্ত তিমুঙৰ কামৰ ঠাই পৰিদৰ্শন নকৰাকৈয়ে বিলত অনুমেদন জনোৱাত ঠিকাদাৰ সকল ক্ৰমে বিক্ৰম ৰংহাঙ, বাবু ৰংহাঙ, পৱিত্ৰ বংৰুং আৰু আন ২১ গৰাকী ঠিকাদাৰে কামৰ সমুদায় ধন প্ৰায় ৫ কোটি টকা সৰকাই নিবলৈ সক্ষম হৈছে৷ 

বিষয়া মিজি ক্ৰ' আৰু কৃষ্ণকান্ত তিমুঙ আৰু বিভাগীয় ইএম অমৰচিং তিচ’কো উক্ত দুৰ্নীতিৰ বাবে সংগঠন দুটাই জগৰীয়া কৰে৷ উক্ত আঁচনিটোৰ দুৰ্নীতিৰ ধন ঠিকাদাৰসকলে বিভাগীয় বিষয়াৰে মিলি  ৬০:৪০, ৩০:৭০ আৰু ৫০:৫০ত আত্মসাৎ কৰিছে বুলি অভিযোগ তুলিছে৷

উক্ত কেলেংকাৰীৰ লগত জলসম্পদৰ বিষয়াদ্বয় মিজি ক্ৰ’ আৰু কৃষ্ণকান্ত তিমুঙৰ লগতে মিলিন্দা ক্ৰপী, ছেনচিং হাঞ্চে আৰু আন লবী সমূহে আঁচনিৰ আবণ্টিত পুঁজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ দুৰ্নিীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে এনে দুৰ্নীতিৰ ক্ষেত্ৰত কিয় ব্যৱস্থা নলয় বুলি প্ৰশ্ন কৰে সংগঠন দুটাই৷

আনহাতে সংগঠন দুটাই চলিত বৰ্ষৰ ২২ ফেব্ৰুৱাৰীত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিবলৈ উল্লেখিত দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ ওপৰত ব্যৱস্থা ল’বলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছিল যদিও একো ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ যোৱা ২০ মাৰ্চত পৰিষদৰ প্ৰধান সচিবগৰাকীলৈ আন এখন স্মাৰক-পত্ৰ দাখিল কৰে৷ স্মাৰক-পত্ৰখনৰ জৰিয়তে সংগঠন দুটাক দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু সংশ্লিষ্ট বিষয়া-কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ অনুমতি বিচৰা হৈছে৷