
গুৱাহাটীঃ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল সময়মতে দিবৰ বাবে ইতিমধ্যে ৰাজ্যৰ পাঁচটা জ'নত ছেৱা কৰ্তৃপক্ষই সম্পূৰ্ণ কৰিছে পৰীক্ষাৰ্থীৰ বহি নিৰীক্ষণৰ কাম। এই কথা জানিবলৈ দিছে ছেবাৰ পৰীক্ষাৰ নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই।
শৰ্মাই লগতে জানিবলৈ দিয়ে যে পূৰ্বৰ বছৰৰ তুলনাত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু হাইমাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফলৰ সন্দৰ্ভত ছেবাই গ্ৰহণ কৰিব বিচাৰিছে এক নতুন নিয়ম। সেই অনুসৰি প্ৰথমবাৰৰ বাবে ৰাতি ১২ বজাত ছেৱাই ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল।
অৱশ্যে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’বলৈ এতিয়াও বাকী থকা বুলি জানিবলৈ দিয়ে পৰীক্ষাৰ নিয়্ন্ত্ৰকগৰাকীয়ে। যদি ছেবাৰ ব’র্ডে পৰীক্ষাৰ নিয়ন্ত্ৰণ ব’ৰ্ডৰ এই সিদ্ধান্তত সন্মতি জনায়, তেন্তে ছাত্ৰ-ছাত্ৰীসকলে ৰাতি ১২ বজাতে পৰীক্ষাৰ সম্পূৰ্ণ ফলাফল আৰু নম্বৰৰ তালিকা চাব পাৰিব। তাৰ বাবে ছেবা কৰ্তৃপক্ষই ১০ টা নিৰ্দিষ্ট ৱেবছাইটৰ ব্যৱস্থা কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।
উল্লেখ যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্য মুঠ ৩,৫২,১৪৩ গৰাকীৰ পৰীক্ষাৰ্থী অৱৰ্তীণ হৈছে।
পূৰ্বৰ বছৰৰ তুলনাত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু হাইমাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফল ১৫ দিন আগবাঢ়িব বুলি ইতিমধ্যে ছেবা কৰ্তৃপক্ষই ঘোষণা কৰিছে। অহা ১০ মে’ৰ ভিতৰত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু হাইমাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফল।