তেজপুৰঃ শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা জীয়াভৰলী নৈত এটি আঢ়ৈমহীয়া হাতী পোৱালি উদ্ধাৰ কৰা হয়। নামেৰী বনাঞ্চলত হাতীৰ জাকৰপৰা বিচ্ছিন্ন হৈ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা জীয়াভৰলী নৈত কনমাণি হাতী পোৱালিটো উটি অহা বন বিভাগৰ লোকে প্ৰত্যক্ষ কৰে। 

বনবিভাগৰ লোকে হাতী পোৱালীটো উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানী পুনঃসংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে।