বোকাজানঃ ওদালগুৰি জিলাৰ সোণাৰিপাৰা নামৰ এক দুৰ্গম অঞ্চলত যোৱা ১৮ মে'ত সেনা-আৰক্ষীৰে হোৱা মুখামুখি সংঘৰ্ষত মৃত্যু হোৱা সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফাৰ ছাৰ্জেণ্ট মেজৰ সত্যজিৎ বৰা ওৰফে ৰমেশ বৰা (৩২) ৰ শেষকৃত্য যোৱা নিশা আলফা নেতাগৰাকীৰ নিজ গাওঁ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰিত সম্পন্ন কৰা হয়৷

উল্লেখ্য যে, বৰাই পোন্ধৰ বছৰৰ পূৰ্বেই নিষিদ্ধ ঘোষিত সংগঠন আলফাত যোগদান কৰিছিল৷ কালি বিয়লি আলফাৰ নেতাগৰাকীৰ মৃতদেহ হাওৰাঘাট আহি পোৱাত সমগ্ৰ অঞ্চলটোৰ বৃহৎ সংখ্যক জনতাই সমদল কৰি নেতাগৰাকীৰ মৃতদেহ নিজা বাসগৃহলৈ আগবঢ়াই আলফা নিয়ে৷

হাওৰাঘাট তিনিআলিৰ পৰা আলফা নেতাগৰাকীৰ নিজা গৃহলৈকে সমগ্ৰ পথছোৱাত পদুলিয়ে পদুলিয়ে ৰাইজে বৰাক গামোচা আৰু ফুলেৰে শেষ শ্ৰদ্ধা নিবেদন কৰে৷ নিশা আলফা নেতা গৰাকীৰ মৃতদেহ নিজ গৃহৰ চোতালত আহি পোৱাৰ লগে লগে পৰিয়ালৰ সমূহ সদস্যৰ লগতে নিজা গাওঁখনত ব্যাখ্যাতীত এক শোকাবহ পৰিস্থিতিৰ সৃস্থি হয়৷ ইয়াৰ পিছতেই স্থানীয় ৰাইজৰ উপস্থিতিত বেলগুৰি ৰাজহুৱা খেলপথাৰত আলফা নেতাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷