
জয়ন্ত মুদৈ, নগাঁওঃ সমগ্ৰ ৰাজ্যৰ দৰে নগাঁৱতো হেঁপাহৰ ৰঙালী বিহুক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ সকলোৱে সৰু-বৰ ভেদাভেদ পাহৰি বিহুৰ সীমাহীন আনন্দ-উছাহত মতলীয়া হৈ পৰিছে৷
পূৰ্ব পৰম্পৰা অনুসৰি দেওবাৰে নগঞা ৰাইজে পালন কৰে গৰু বিহু৷ এই মৰ্মে, পুৱাৰেপৰা জিলাখনৰ সৰ্ব প্ৰান্ততে গৰু বিহুৰ আনুষংগিক ৰীতি-নীতিৰ মাজেৰে গৰুক নোৱাই-ধুৱাই গাত লাও, বেঙেনা, কেৰেলা, থেকেৰাৰ ছাট মাৰি গো-ধনৰ শ্ৰীবৃদ্ধিৰ কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়৷
জিলাখনৰ কলং, কপিলী, হাৰিয়া, সোণাই নৈৰ লগতে বিভিন্ন প্ৰান্তত থকা বিল, জলাশয় আদিত গঞা ৰাইজে পুৱাৰেপৰা ভিৰ কৰা পৰিলক্ষিত হয়৷ সকলোৱে বেছ স্ফুৰ্তি-তামাচাৰ মাজেৰে নিজৰ নিজৰ গৰুকেইটাক গা ধুৱাই এক প্ৰকাৰে মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে৷
আনকি ঠায়ে ঠায়ে কোনো কোনোৱে ঢোল-পেঁপা জুৰি বিহুৰ অপৰিসীম আনন্দত মতলীয়া হৈ পৰা দেখা যায়৷
ইফালে, জগত গুৰু শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱাত সত্ৰীয়া পৰম্পৰাৰে উদযাপন কৰা হৈছে বিহু৷ এই মৰ্মে, আজি গৰু বিহুৰ দিনা গৰুক নোৱাবলৈ মাটি মাহ, হালধি, লাও, বেঙেনা, ঠেকেৰা গোটাই বাহৰ চাট সাজি গৃহস্থই গৰু নুওৱা হয়৷
পুৱা গৰু নোৱাবৰ বাবে বটদ্রৱা থানত থকা ফাকুৱাৰ গোসাঁই শিৰত দিবলৈ ভেষজ উপাদানেৰে প্রস্তুত কৰা গন্ধ তেল শলগুৰি আৰু নৰোৱা এই দুই সত্রৰ প্রতি ঘৰ গৃহস্থৰ পদূলিয়ে পদূলিয়ে দি যায় সত্রৰ বৰমেধি আৰু হাতীমতাই।
গৃহস্থই গৰুক মাটি মাহ, হালধিৰে নোৱাই ঐতিহাসিক শান্তিজানত গা ধুৱাই তৰা দি বনোৱা নতুন পঘা দিয়ে। পৰম্পৰা অনুসৰি কাইলৈ বছৰৰ প্রথম দিনটো বটদ্রৱা থানত গোসাঁই বিহু হিচাপে পালন কৰি গোবিন্দ গোসাঁইক নোৱাই-ধুৱাই সন্ধ্যা ডবা কোবোৱাৰ সময়ত বৰ বিছনীৰে ‘বা’ দিয়া হয়।
তদুপৰি আজিৰেপৰা সন্ধ্যা দুই সত্রৰ যুৱক-যুৱতী আৰু আইমাতৃসকলৰ লগতে শিশু সকলো সমবেত হৈ হুচৰি কীৰ্তনেৰে মুখৰিত কৰি তুলিব বটদ্রৱা অঞ্চল৷