26
Apr
2019

জহিৰুল ইচলাম, বিলাসীপাৰাঃ সোপাধৰাক লৈ ধুবুৰী-বিলাসীপাৰা গোটেই অঞ্চল জুৰি এক আতংকময় সৃষ্টি হোৱাত বিলাসীপাৰা মহকুমা ভাৰপ্ৰাপ্ত আৰক্ষী প্ৰশাসনৰ উদ্দ্যোগত শুকুৰবাৰে বিয়লি ৩ বজাত বিলাসীপাৰা আৰক্ষী নিৱেশত এখন সজাগতা সভা অনুষ্ঠিত হয়।
উক্ত সজাগতা সভাখনত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া সুব্ৰত সেন, বিলাসীপাৰা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া মহেশ নাৰ্জাৰী, বিলাসীপাৰা ৰাজহ চক্র বিষয়া চাৰ্ফ্ৰৰাজ হক, বিলাসীপাৰা নাগৰিক মঞ্চৰ সভাপতি আদিকে ধৰি কেইবাজনো বক্তাই সোপাধৰাৰ ধাৰণাটো এটো অন্ধবিশ্বাস বুলি কয়।
এই সন্দৰ্ভত সকলোকে সজাগ হ’ব লাগে বুলি তেওঁলোকে আহ্বন জনায়। সজাগতা সভাখনত প্ৰতিটো খণ্ডৰ গাঁওৰক্ষী বাহিনী আৰু ৰাইজ উপস্থিত থাকে।