
ডিফুঃ ৯ এপ্ৰিলত এজাক প্ৰলয়ংকাৰী ধুমুহা বতাহে বিধস্ত কৰি থৈ যোৱা কাৰ্বি আংলং জিলাৰ ডিলাই থানাৰ অন্তৰ্গত কাথাৰ ইংতি গাওঁ, কানিয়া তেৰাং, হেমাৰী ইংতি গাওঁ, নেপালী বস্তি আৰু আদিবাসী গাঁৱত কাৰবি আংলং জিলা প্ৰেছ ক্লাৱৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷
লগতে আক্ৰান্ত লোকৰ মাজত কিছু পৰিমাণৰ সাহায্যও আগবঢ়ায় সাংবাদিকৰ দলটোৱে৷ গাওঁবাসীয়ে প্ৰেছ ক্লাৱক ধন্যবাদ জ্ঞাপন কৰে৷
ৰেডক্ৰছৰ কা ৰবি আংলং শাখা আৰু স্থানীয় নেতাসকলেও তেওঁলোকক সহায় আগঢ়াইছে বুলি গাওঁবাসীয়ে সাংবাদিকক জানিবলৈ দিয়ে৷ সাহায্য প্ৰদানকাৰী সাংবাদিকৰ দলটোক জিলা প্ৰেছ ক্লাৱৰ সভাপতি কিৰি ৰংহাঙ আৰু সাধাৰণ সম্পাদক ডেনিয়েল চন বে'ই নেতৃত্ব প্ৰদান কৰে৷