30
Apr
2019

বৰহোলাঃ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰা অনাময় শৌচাগাৰ নিৰ্মাণত দুৰ্নীতিৰ আশ্ৰয় লৈছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। বেকাজানৰ ১০০ ঘৰীয়া, হাফমাইল বেল্ট, ৩ নং ব্লক, ৬২ ঘৰীয়া আদি গাঁওসমূহৰ একাংশ হিতাধিকাৰীয়ে অভিযোগত কৰা মতে নিৰ্মাণ কৰা শৌচালয়সমূহৰ ইটা, বালি একেবাৰে নিম্ন মানৰ হোৱাৰ লগতে শৌচালয়ৰ মজিয়াত কোনো ধৰণৰ গাঁথনি নিদিয়াকৈ ইটাৰ বেৰ দিয়াত বেৰসমূহৰ গাঁথনি দুৰ্বল হৈছে।
গাঠনিত ব্যৱহাৰ কৰা চিমেন্ট আৰু বালিৰ পৰিমাণত উপযুক্ত পৰিমাণৰ চিমেন্ট দিয়া হোৱা নাই।ইয়াৰ উপৰিও শৌচালয়টোত ৰ'ড আৰু কেচি পাৰলিং ব্যৱহাৰ নকৰাকৈ নিম্ন মানৰ টিং পাতেৰে কোনো ৰকম চালিখন নিৰ্মাণ কৰিছে। যাৰ বাবে অতি শৌচালয়টো সোনকালে নষ্ট হৈ পৰিব বুলি হিতাধিকাৰীসকলে অভিযোগত কৰিছে।