
ডিব্ৰুগড়ঃ "শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ চৰিত আৰু মায়ামৰা সত্ৰৰ গোসাইসকলৰ বংশাৱলীৰ সত্যান্বেষণ" শীৰ্ষক এখনি গ্ৰন্থ আজি ডিব্ৰুগড় লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য সভা ভৱনত উন্মোচন কৰা হয়।
বিশিষ্ট শিক্ষাবিদ গন্ধেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী প্ৰাধ্যাপক ড. ডম্বৰুধৰ নাথে।
গ্ৰন্থ উন্মোচনী ভাষণত ড. নাথে সাম্প্ৰতিক সময়ত পাঠকৰ সংখ্যা হ্ৰাস পাই অহা বুলি উল্লেখ কৰে৷ তদুপৰি তেওঁ মটকসকলৰ উৎপত্তি আৰু মায়ামৰা সমাজৰ লগত থকা সম্পৰ্কে বিস্তৃতভাৱে ব্যাখ্যা দাঙি ধৰে।
সুমন দত্তই আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় প্ৰকাশক ভূষণজ্যোতি সন্দিকৈয়ে।
উন্মোচনী সভাত ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি দুৰ্লভ চেতিয়া, অনিৰুদ্ধ সেৱা সমিতিৰ উপ-সভাপতি যতীন্দ্ৰ মোহন গগৈ, সম্পাদক লৌনাথ চৌখাম, প্ৰকাশক শিৱ দত্ত, সমাজসেৱক উপেন কোঁৱৰ আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।