08
May
2019

গুৱাহাটীঃ এন আৰ চি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানিৰ দিন ধাৰ্য কৰিছে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত বুধবাৰে প্ৰদান কৰা হয় গুৰুত্বপূৰ্ণ শুনানি।
সেই অনুসৰি এন আৰ চি চূড়ান্ত খচৰা প্ৰকাশ কৰিব লাগিব ৩১ জুলাইত। ৰঞ্জন গগৈৰ বিচাৰপীঠত এন আৰ চি কৰ্তৃপক্ষলৈ গুৰুত্বপূৰ্ণ নির্দেশ বৃদ্ধি কৰা নহয় এন আৰ চি চূড়ান্ত খচৰা প্ৰকাশৰ দিন। লগতে ন্যায়ালয়ে নির্দেশ প্ৰদান কৰি কয় যে ওজৰ-আপত্তিৰ সন্দৰ্ভতো তৎপৰতা গ্ৰহণ কৰে এন আৰ চি কৰ্তৃপক্ষই। আনহাতে, এন আৰ চি সন্দৰ্ভত ন্যায়ালয়ত পৰৱৰ্তী শুনানি হ’ব অহা ১০ জুলাইত।
উল্লেখ্য যে, চৰকাৰ ফালৰপৰা এন আৰ চি চূড়ান্ত খচৰা প্ৰকাশৰ সময়সীমা ৩১ জুলাইৰ পৰিৱৰ্তে সময়সীমা বৃদ্ধি কৰাৰ বাবে ন্যায়ালয়ৰ কাষ চাপি আহিছে।