নগাঁও নগাঁও জিলাৰ ননৈ চকৰি গাঁৱৰ দিলীপ কুমাৰ বৰা নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এক চুৰি কাণ্ড।

নিশা ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি শনিবাৰে চোৰে গ্ৰীলৰ আৰু দৰ্জাৰ তলা ভাঙি ঘৰৰ ভিতৰত প্ৰবেশ কৰি সা-সামগ্ৰী ভঙাৰ লগতে আলমিৰাৰ তলা ভাঙি চোৰে লুটি নিয়ে প্ৰায় লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ আৰু ৫০ হাজাৰ নগদ ধন৷

উল্লেখ্য যে দিলীপ বৰাৰ পৰিয়ালটো কৰ্ম সূত্ৰে বাহিৰত থাকে৷ এই সুযোগ গ্ৰহণ কৰিয়েই শনিবাৰে নিশা চোৰে সংঘটিত কৰিলে চুৰি কাণ্ড৷

এই ঘটনাৰ খবৰ চুবুৰীয়াৰ পৰা দিলীপ বৰাই জানিব পাৰি নিজ ঘৰত উপস্থিত হৈ তেওঁৰ লগতে পৰিয়ালটো হতভম্ব হৈ পৰে৷

পাছত স্থানীয় ননৈ আৰক্ষীক খবৰ দিয়াত ননৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও এতিয়ালৈ কোনো লোকক আটক কৰিব পৰা নাই৷