13
May
2019

গুৱাহাটীঃ ৰঙিয়াৰ ৰে’ল ষ্টেচনত নিষিদ্ধ আফিংসহ এজনক আটক।
ৰে’লযোগে কলিকতালৈ যোৱাৰ সময়ত আৰক্ষীয়ে আফিংসহ আটক কৰা ব্যক্তিগৰাকীৰ নাম হৈছে হিতেশ কলিতা।
উদ্ধাৰ হোৱা আফিংখিনিৰ ওজন প্ৰায় ডেৰকেজি।
বৰ্তমান ৰঙিয়া আৰক্ষীয়ে আটক হিতেশ কলিতাক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷