
ছৈখোৱাঃ তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ছৈখোৱাৰ বিভিন্ন অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াই কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ ছৈখোৱাৰ মিলনপুৰ, গৰৈমাৰীকে আদি কৰি এক বিস্তীৰ্ণ এলেকা দৈনিক চপৰা চপৰে গৰা খহাৰ ফলত অঞ্চলটোৰ কৃষক ৰাইজৰ খেতি মাটিকে ধৰি ঘৰ ভেটিও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা পৰিলক্ষিত হৈ আহিছে।
উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ এৰা সুঁতি অনন্ত নলাই কালৰূপ ধাৰণ কৰি ছৈখোৱাৰ কেবাটাও অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে। ইতিমধ্যে নৈৰ বুকুত কেবাটাও অঞ্চল জাহ যোৱাৰ ফলত উক্ত অঞ্চলটোৰ ৰাইজে বৰ্তমান মথাউৰিৰ ওপৰত বসবাস কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
আনহাতে এই বান-গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধি বিধায়ক বলীন চেতিয়া আৰু সাংসদ প্ৰদান বৰুৱাৰ লগতে প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে।
উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ হৈ থকাৰ সময়ত ছৈখোৱালৈ আহি উক্ত খহনীয়াগ্ৰস্ত অঞ্চলসমূহ নাৱেৰে ভ্ৰমণ কৰি পৰিদৰ্শন কৰি গৈছিল যদিও বৰ্তমান এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা দেখা নাই।
ৰাইজে বাৰিষা অহাৰ পূৰ্বে অনন্ত নলাই কালৰূপ ধাৰণ কৰা উক্ত মিলনপুৰ গৰৈমাৰী আদি অঞ্চলসমূহত বিহিত ব্যৱস্থা গ্ৰহণ কৰি খহনীয়া প্ৰতিৰোধ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে ।