কাজিৰঙাৰ পৰা পলিমা চেতিয়া বসুমতাৰী,

কাজিৰঙাঃ ৰাজ্যৰ সৰ্বত্ৰে আজিও অপৰিৱৰ্তিত বিকশিত অসমৰ অবিকশিত ৰূপ৷ স্বয়ং কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিতে থকা তিলমাত্ৰও উন্নয়নৰ পোহৰ নপৰা এখন গাঁৱে উদঙাই দেখুৱাইছে বিকশিত অসমৰ এখন ফোঁপোলা ছবি৷ বোকাখাত মহকুমাৰ কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ গাতে লাগি থকা এই গাঁওখনৰ নাম কান্ধুলিমাৰী গাঁও৷ 

স্বাধীনতাৰ ৭২ বছৰৰ পাছটো কান্ধুলিমাৰী গাঁৱত নপৰিল উন্নয়নৰ এচিকুটমানো পোহৰ৷ পূৱ কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনৰ এই গাঁওখন সকলো দিশৰ পৰাই আজিও উপেক্ষিত৷ বাট-পথৰ দুৰৱস্থাই বছৰ-বছৰ ধৰি গাঁওবাসীক যমৰ যাতনা ভূগাই আহিছে৷ বিগত ১৫ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ শাসন কালত গাঁওখনৰ বাট-পথ সমূহ সুচল কৰি তুলিবলৈ গাঁওখনৰ ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰা স্বত্বেও কোনো সুফল নাপালে৷ আনহাতে, পৰিৱৰ্তনৰ শ্ল’গান দি দিছপুৰৰ মচনদ দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ ওচৰটো হাজাৰটা আবেদন-নিবেদন কৰি কৰি কান্ধুলিমাৰী ৰাইজ সম্প্ৰতি ভাগৰি পৰিল৷

অৱশেষত ধৈৰ্যচ্যুতি ঘটিল কান্ধুলিমাৰী গাঁৱৰ ৰাইজৰ৷ মংগলবাৰে পুৱাই গাঁওখনৰ ৰাইজে ৰজাগাঁও কান্ধুলিমাৰী সংযোগী বিধ্বস্ত পথতে ভূঁই ৰুই এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে৷ বছৰ বছৰ ধৰি কৰি অহা চৰকাৰৰ প্ৰতিশ্ৰুতিৰ প্ৰতাৰণাৰ বিৰুদ্ধে সমবেত হৈ ওলাই আহিল কান্ধুলিমাৰী গাঁৱৰ ৰাইজ৷ গাঁৱৰ মহিলা সকলে মূলপথটোৰ ওপৰত থকা একাঠু বোকাত কঠীয়া ৰুই ক্ষোভ উজাৰিলে৷ আনহাতে, পুৰুষ সকলেও সমানেই বিধ্বস্ত পথটোৰ ওপৰত কোৰ মাৰি কঠীয়া ৰুবৰ বাবে মহিলা সকলক সুবিধা কৰি দিলে৷ 

সম্প্ৰতি এই পথটোৰে ১০৮ সেৱাৰ লগতে বিদ্যালয়লৈও ছাত্ৰ-ছাত্ৰী সকল যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে৷ বোকাময় বিধ্বস্ত পথটোৰ বাবেই জৰুৰীকালীন অৱস্থাৰ প্ৰসুতিৰোগীকো জীৱনৰ পণ ৰাখি সাঙীভাৰ কৰি লৈ যাব লাগে চিকিৎসালয়লৈ৷ বছৰ-বছৰ ধৰি ভুগি অহা এনে যমৰ যাতনাৰ বাবেই মংগলবাৰে পথৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে কান্ধুলিমাৰী গাঁৱৰ ৰাইজে৷ স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাক শীঘ্ৰে এই পথচোৱা নিৰ্মাণ কৰি দিবলৈ ৰাইজে দাবী জনাইছে৷ অন্যথা অনাগত দিনত গাঁওখনৰ ৰাইজে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।