
ঢেকীয়াজুলিঃ শোণিতপুৰ জিলাৰ মিছামাৰী ধানমৰাৰ পৰা দুই সন্তানৰ এগৰাকী মাতৃ যোৱা ১৫ মে’ৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই মহিলাগৰাকীৰ পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে ৷
পৰিয়ালৰ সূত্ৰে প্ৰকাশ কৰা মতে অৰুণাচল প্ৰদেশৰ ৰূপাত স্বামী ছহীদ আনচাৰীৰ সৈতে বসবাস কৰা নাজিৰা বেগম কিছুদিন পূৰ্বে দুই সন্তানক লগতলৈ শোণিতপুৰ জিলাৰ মিছামাৰী ধানমৰাৰ মাতৃগৃহলৈ আহিছিল৷
মাতৃগৃহলৈ আহি মহিলাগৰাকীয়ে আত্মীয় এঘৰৰ বিবাহ অনুষ্ঠানত অংশ লয় ৷ ইয়াৰ পিছত যোৱা ১৫মেত মহিলাগৰাকী কাষৰীয়া গাবঁতে থকা স্বামী ছহীদৰ মূল গৃহলৈ যাওঁ বুলি ওলাই যোৱাৰে পৰা নিৰুদ্দেশ হৈ পৰে ৷
তেতিয়াৰে পৰা মহিলাগৰাকীয়ে ব্যৱহাৰ কৰা ম’বাইল ফোনৰ যোগাযোগো বন্ধ হয় ৷ পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰিও এই পৰ্যন্ত নাজিৰাৰ সম্ভেদ উলিয়াব পৰা নাই৷
পৰিয়ালৰ লোকে এই সন্দৰ্ভত আৰক্ষীৰ কাষ চাপে যদিও আৰক্ষীয়েও মহিলা গৰাকীৰ কোনো সম্ভেদ উলিয়াব পৰা নাই৷ যদি কোনো লোকে নাজিৰা বেগমৰ সম্ভেদ লাভ কৰে তেন্তে ৯৯৫৪৮-৬০৬১৫ অথবা ৮০৭৫৪-১৫২০৯ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ৷