আমিনগাওঁঃ ৮০ নং আমিনগাওঁ গাওঁ পঞ্চায়তৰ অন্তৰ্গত কালিবাৰি নিউকলনী সদাব্যস্ত পথ এটাই মেৰামতিৰ অভাৱত ভুগিছে৷

এই পথটোৰে শ শ মানুহ আমিনগাওঁস্থিত ঔদ্যোগিক পামলৈ অহা যোৱা কৰে৷ ছাত্ৰ-ছাত্ৰী সকলেও স্কুল-কলেজলৈ অহা যোৱা কৰোতে পথটোৰ শোচনীয় অৱস্থাৰ বাবে অসুবিধাৰ সমুখীন হৈ আহিছে।

এজাক বৰষুণ দিলেই পুখুৰী সদৃশ পানী হয় পথটোত। নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলবোৰে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে।

কিন্তু কাৰ্যতঃ সেয়া ফুটুকাৰ ফেন হয় বুলি স্থানীয় একাংশ স্থানীয় ৰাইজে অভিযোগ তুলিছে৷ একাংশৰ মতে এই এলেকাতো হেনো ৰে'লৱে কলনীৰ ভিতৰত পৰা হেতুকে গাওঁ পঞ্চায়ত তথা চৰকাৰে গুৰুত্ব নিদিয়ে বুলি জানিবলৈ দিয়ে।

বিগত সময়ত কংগ্ৰেছ চৰকাৰে কোনোধৰণৰ ব্যৱস্থা হাতত লোৱা নাছিল আৰু এতিয়া বিজেপি চৰকাৰখনলৈ আশা পালি ৰৈছে স্থানীয় ৰাইজ৷