গুৱাহাটীঃ অৰুণাচল প্ৰদেশৰ পশ্চিম খোনছা বিধানসভা সমষ্টিৰ বিধায়ক তিৰং অবহক উগ্ৰপন্থীৰ দলে গুলীয়াই হত্যা কৰে। এই প্ৰাণ ঘাটি আক্ৰমণ সংঘটিত হৈছে এই আক্ৰমণত বিধায়কজনৰ লগতে প্ৰাণ হেৰুৱাইছে ১০ জনকৈ নিৰাপত্তাৰক্ষীয়ে।

তিৰাপ জিলা বগাপানীত সংঘটিত হৈছে এই ভয়ংকৰ আক্ৰমণটো। উল্লেখ যে টিৰং অবহ আছিল শাসকীয় বিজেপিৰ মিত্ৰ দল এনপিপিৰ এজন বিধায়ক।

প্ৰাপ্ত খবৰ অনুসৰি পুৱা ১১.৩০ বজাত এই ঘটনা সংঘটিত হৈছে। উল্লেখ যে এই ঘটনাৰ লগত এনএছচিএন জড়িত থকা বুলি সন্দেহ কৰা হৈছে।

টিৰং অবহে এনপিপিৰ টিকেটত এইবাৰো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ২৩ মে’ত ফলাফল ঘোষিত হ’লহেঁতেন।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাদ চাংমাই এই আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে।