
মঙলদৈঃ জাপানত অহা ২৮ মে’ৰ পৰা তিনি জুনলৈ অনুষ্ঠিত হ’বলগীয়া বিজ্ঞান আৰু প্ৰযুক্তি বিষয়ৰ যুৱ মহোৎসৱত অংশগ্ৰহণৰ বাবে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ ঢেঁকীপাৰা গাঁৱৰ দিৱাকৰ ডেকাৰ কন্যা প্ৰিয়ংকা ডেকাই আমন্ত্ৰণ লাভ কৰিছে৷ প্ৰিয়ংকাৰ সৈতে এই মহোৎসৱত অসমৰ আন দুগৰাকী ছাত্ৰ-ছাত্ৰীয়েও অংশ ল’ব৷
পৰিতাপৰ বিষয় এই পৰ্যন্ত প্ৰিয়ংকাই লাভ কৰা নাই ভিছা। অথচ প্ৰিয়ংকাই জাপানলৈ উৰা মাৰিবলৈ মাজত মাথোঁ সাতদিনহে বাকী৷ ইয়াক লৈ প্ৰতিভাৱান ছাত্ৰীগৰাকী কিছু পৰিমাণে হতাশ হৈছে৷
উল্লেখ্য যে ২০১২ চনত দিল্লীত অনুষ্ঠিত ৰাষ্টীয় পৰ্যায়ৰ প্ৰদৰ্শনীত প্ৰিয়ংকাই অসমক প্ৰতিনিধিত্ব কৰি দৰং জিলালৈ গৌৰৱ কঢ়িয়াই আনিছিল।
মেধাবী ছাত্ৰী গৰাকীয়ে শেহতীয়াকৈ ইটাভাটা সমূহে সমগ্ৰ ৰাজ্যৰ লগতে আন্তজাৰ্তিক পৰ্যায়ত সৃষ্টি কৰা পৰিবেশ প্ৰদূষণ কেনেকৈ ৰোধ কৰিব পাৰি¸ আৰু ইয়াৰ পৰা কেনেদৰে পৰা লাভৱান হ’ব পাৰি তাক লৈ প্ৰকল্প প্ৰস্তুত কৰিছে৷ তেওঁৰ এই প্ৰকল্পই জাপান চৰকাৰৰ গুৰুত্ব লাভ কৰাৰ বিপৰীতে এই ক্ষেত্ৰত ভাৰত চৰকাৰে কোনো আগ্ৰহ প্ৰকাশ কৰা নাই।