30
May
2019

বৰনৰ্দ্দীঃ সদ্য ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিজ্ঞান শাখাত নলবাৰীৰ ৰিপুঞ্জয় শৰ্মাই গণিত বিষয়ত সৰ্বোচ্চ ৯৯ শতাংশ নম্বৰ লাভ কৰি অসমৰ ভিতৰতে একমাত্ৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হয়।
গুৱাহাটীৰ চাই বিকাশ জুনিয়ৰ কলেজৰপৰা এইবাৰ পৰীক্ষাত অবতীৰ্ণ হোৱা ৰিপুঞ্জয় শৰ্মা নলবাৰী বিদ্যাপুৰ(মালিকুচি)নিবাসী বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয়ৰ শিক্ষক তপন কুমাৰ শৰ্মা আৰু বনভাগ মহাবিদ্যালয়ৰ অধ্যাপিকা দিপালী দেবীৰ জ্যেষ্ঠ সন্তান৷
উল্লেখ্য যে, ৰিপুঞ্জয় বিগত ২০১৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো অসমৰ ভিতৰতে দশম স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।