দিগন্ত বৰ্মণ,বৰনৰ্দ্দী,

বৰনৰ্দ্দীঃ পশ্চিম নলবাৰীৰ অঞ্চলৰ কেবাখনো বিদ্যালয়ে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণৰে সমগ্ৰ  অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাত ৰাইজ তথা অভিভাৱকসকলে সন্তোষ প্ৰকাশ কৰিছে।

উল্লেখ্য যে, চামতাস্থ ইডেন ভেলী একাডেমীৰপৰা এইবাৰ মুঠ ৪৮ গৰাকীয় শিক্ষাৰ্থীৰ ভিতৰত আটাই কেইগৰাকীয়ে উত্তীৰ্ণ হয়। ইয়াৰে মধুস্মিতা বৰ্মনে অসমৰ ভিতৰতে দশম স্থান লাভ কৰাৰ লগতে ২২ গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰ লাভ কৰে৷ ইয়াৰে ২৫ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ১০০ শতাংশ ফলাফল লাভ কৰে।

আনহাতে এ পি জে আব্দুল কালাম একাডেমীৰপৰা মুঠ ৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ আটাইকেইগৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ইপিনে বিষ্ণু জোতি একাডেমীৰপৰা বিজ্ঞান আৰু কলা শাখাত ১০০ শতাংশ উত্তীৰ্ণ হয়। বিজ্ঞান শাখাত মুঠ ২৭ গৰাকীৰ ভিতৰত ১ জনে ডিষ্ট্ৰিংচন লাভ কৰাৰ বিপৰীতে ২ গৰাকীয়ে ষ্টাৰ, ২২ গৰাকীয়ে প্ৰথম বিভাগত আৰু ২ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ ১০০ শতাংশ হয়। 

কলা শাখাত ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩ গৰাকীয়ে ষ্টাৰ ১৩ গৰাকীয়ে প্ৰথম বিভাগত, ৭ গৰাকীয়ে দ্বিতীয় বিভাগত, ২ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈ ১০০ শতাংশ ফলাফল লাভ কৰে৷ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান আৰু ভোকেচনেলত ১০০ শতাংশ উত্তীৰ্ণ হয়। বিজ্ঞান শাখাত ৪৪ গৰাকীৰ ভিতৰত ৩ গৰাকীয়ে ষ্টাৰ, প্ৰথম বিভাগত ১৩ গৰাকী, ২৮ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়৷

ভ’কেচনেলত মুঠ ১২ গৰাকী পৰীক্ষাৰ্থীৰ প্ৰথম বিভাগত, ৪ গৰাকী আৰু দ্বিতীয় বিভাগত ৮ গৰাকী উত্তীৰ্ণ হৈ উত্তীৰ্ণ হাৰ ১০০ শতাংশ হয়। ইপিনে চামতা হাইস্কুল চ'কত অবস্থিত সূত্ৰধাৰ একাডেমীৰপৰা ১৪৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ২৬ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰে৷ ৭৫ গৰাকীয়ে প্ৰথম বিভাগত, ৬৩ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৬ গৰাকীয়ে তৃতীয় বিভাগত উৰ্তীৰ্ণ হৈ এশ শতাংশ উৰ্তীৰ্ণৰ গৌৰৱেৰে অঞ্চলটোত জিলিকি উঠিছে।