
গুৱাহাটীঃ শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰকাশৰ দাবীত সচেতন নাগৰিক মঞ্চ৷ অসমৰ উদ্যোগত শুকুৰবাৰৰপৰা ৰাজ্যজুৰি আৰম্ভ গণ স্বাক্ষৰ অভিযান। গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰৰ সিদ্ধিনাথ শৰ্মাৰ ভৱনত আজি এই গণ স্বাক্ষৰ অভিযানত আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰা হয়।
চন্দন ভট্টাচাৰ্য সভাপতিত্বত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে দয়ানন্দ পাঠক, কনক সেন ডেকা, অভিজিৎ শৰ্মা, জয়কান্ত শৰ্মাৰ প্ৰমুখ্যে বহুসংখ্যক ব্যক্তি। উল্লেখ্য যে, আজি ৰাজ্যৰ মুঠ ৭৮ টা মহকুমাত এই গণ স্বাক্ষৰ অভিযান আৰম্ভ হৈছে।
ইফালে, কালৈৰপৰা চক্ৰ বিষয়া কাৰ্যলয়, গাঁও পঞ্চায়ত আদি সকলোতে আৰম্ভ হ'ব এই গণ স্বাক্ষৰ অভিযান। মঞ্চই জানিবলৈ দিয়া অনুসৰি অহা ২৬ জুলাইলৈকে তেওঁলোকে চলাব এই অভিযান। এই অভিযানৰ তেওঁলোকৰ লক্ষ হ’ব ৫০ লাখ ব্যক্তিৰ স্বাক্ষৰ সংগ্ৰহ কৰা। তাৰ পাছত এই গণ স্বাক্ষৰ পত্ৰ দেশৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰন কৰিব। লগতে এই স্বাক্ষৰৰ জৰিয়তে তেওঁলোকে ৩১ জুলাইত প্ৰকাশ পাব লগা চূড়ান্ত এনআৰচি ১০% শতাংশ পুনৰীক্ষণ কৰাৰ দাবী জনাব। আনহাতে, এই অভিযানত সমগ্ৰ ৰাজ্যত তেওঁলোকৰ মঞ্চৰ ৮৫০০ সদস্যই জড়িত হ’ব বুলিও জানিবলৈ দিয়ে।