তিনিচুকীয়াঃ তিনিচুকীয়া জিলা অসম অৰুণাচল সীমান্তৱৰ্তী গাঁও ডিৰাক আমগুৰিত বছৰ বছৰ ধৰি তামোল গছ কিম্বা বাঁহৰ খুঁটাৰ জৰিয়তে বিদ্যুত যোগান ধৰি আহিছে বিভাগটোয়ে৷

স্থানীয় ৰাইজে ডুমডুমা সংমণ্ডলৰ বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন-অনুৰোধ কৰিছে যদিও আজিকোপতি বিভাগটোৱে কোনোধৰণৰ ধনাত্মক সঁহাৰি দিয়া পৰিলক্ষিত হোৱা নাই বুলি ৰাইজে জনাইছে।

এনেদৰে বিপদসংকুল পৰিস্থিতিত বিদ্যুতৰ যোগান ধৰা কাৰ্যৰ পৰিণতি কিমান ভয়াৱহ হ’ব পাৰে, তাকে লৈ চিন্তিত হৈছে ৰাইজ।

উল্লেখ্য যে বিদ্যুত বিভাগৰ গাফিলতিৰ ফলতে সুপৰ্ণা ৰাণী ঘোষ নামৰ এগৰাকী টেট শিক্ষয়ত্ৰীয়ে মৃত্যুক আঁকোৱালি লোৱাৰ ঘটনা স্থানীয় ৰাইজৰ মনত আজিও সজীৱ হৈ আছে৷

সেয়ে আৰু অধিক বিপদ নাহোতেই শীঘ্ৰে বিদ্যুত বিভাগে কাৰ্যকৰী ব্যৱস্থা হাতত ল’বলৈ অঞ্চলটোৰ ৰাইজে দাবী জনাইছে৷