18
Jun
2019
দিগন্ত বৰ্মণ, বৰনৰ্দ্দী

বৰনৰ্দ্দীঃ পশ্চিম নলবাৰীৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ নিৰ্মীয়মান গেলেৰীৰ অত্যাধুনিক গেলেৰী নিৰ্মানৰ কালি শুভাৰম্ভ কৰে ধৰ্মপুৰ সমষ্টীৰ বিধায়ক তথা অসমৰ উদ্যোগ বানিজ্যিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
অসম চৰকাৰৰ ১০ কোটি টকাৰ অনুদানেৰে নিৰ্মান হ’ব লগা গেলেৰী শুভাৰম্ভণী অনুষ্ঠানত উপষ্ঠিত থাকে ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালক ধৰ্মকান্ত মিলি, যুটীয়া সঞ্চালক পাৰ্থ, উপ সঞ্চালক উদয় কমল চেতীয়া, উন্নয়ণ বিভাগৰ অতিৰিক্ত উপায়ুক্ত বুবুল লেখাৰু, মুখ্য কাৰ্যবাহী বিষয়া মধুসুধন দাস, নলবাৰী গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা মহেন্দ্ৰ নাথৰ লগতে স্থানীয় ৰাইজ আৰু সংঘৰ বিষয়ববীয়া সকল।