18
Jun
2019

অপুৰ্ব বৰা, তেজপুৰঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ, বালিপৰা, লোক্ৰা অঞ্চলত অব্যাহত আছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা। মঙলবাৰে লোক্ৰা অঞ্চলত আবকাৰী বিভাগ আৰু আছাৰ যুটীয়া উদ্যোগত অভিযান চলাই দুটাকৈ চুলাই ভাটি উচ্ছেদ কৰাৰ লগতে বহু লিটাৰ চুলাই মদ নষ্ট কৰা হয়।
অভিযানকালত লোক্ৰা সপ্তাহিক বজাৰৰ সমীপত প্ৰায় ৫০ লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে ৩০০ লিটাৰ চুলাই প্ৰস্তুত কৰা গেলোৱা পাছ আৰু দুটাকৈ চুলাই বনোৱা মেচিন জব্দ কৰি নষ্ট কৰি মদৰ ঘাটি ভাঙি চূৰমাৰ কৰযা হয়।