
নগাঁওঃ নগাঁও জিলাৰ জাজৰি থানাৰ এলেকাধীন এফলীয়াবড়িত সংঘটিত হোৱা এক ভূমিকেন্দ্ৰীক সংঘৰ্ষৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই ঘটনাত এজন লোক গুৰুত্বৰভাবে আহত হয়৷ প্ৰাপ্ত খবৰ মতে, এফলীয়াবড়ি নিবাসী দীপমনি ভূঞা আৰু পৰাণ শইকীয়া নামৰ লোকদুজনৰ মাজত কিছুদিনৰ পূৰ্বে ঘৰুৱা মাটি-বাৰীৰ সন্দৰ্ভত সংঘাতৰ সূত্ৰপাত ঘটিছিল৷
আনকি বিগত সময়ছোৱাত প্ৰতিবেশী দুয়োটা পৰিয়াল পৰস্পৰে পৰস্পৰৰ মাজত কেইবাবাৰো হাই-কাজিয়াত লিপ্ত হৈ আহিছিল৷ এনেদৰে এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুয়োটা পৰিয়ালৰ মাজত শীতল যুদ্ধ চলি থকাৰ মাজতে আজি পুৱাৰ ভাগত দীপমনি ভূঞাই হাতত এখন কোৰ লৈ আহি ঘৰুৱা বন কৰি থকা অৱস্থাত পৰাণ শইকীয়াক আক্ৰমণ কৰে৷
এনেদৰে অতৰ্কীতে কৰা আক্ৰমণত পৰাণ শইকীয়া গুৰুত্বৰভাৱে আহত হয়৷ মুৰত খুব বেয়াকৈ আঘাত পোৱা পৰাণক সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰি লগে লগে নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও তেওঁৰ অৱস্থা অধিক শোচনীয় হৈ পৰাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে৷
বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা পৰাণ শইকীয়া বিপদমুক্ত নহয় বুলি জানিব পৰা গৈছে৷ ইফালে, ঘটনাৰ খবৰ পাই জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মলয় কুমাৰ আচাৰ্য্যৰ নেৰ্তৃত্বত যোৱা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবেশীক কোৰেৰে আক্ৰমণ কৰা দীপমনি ভূঞাক আটক কৰাৰ লগতে অভিশপ্ত কোৰখন জব্দ কৰিবলৈ সক্ষম হয়৷