20
Jun
2019

ফখৰুল ইছলাম, দৰংঃ দৰঙৰ দলগাঁৱত পিষ্টলসহ দুই যুৱকক বুধবাৰে নিশা আটক কৰে দলগাঁও আৰক্ষীয়ে। দলগাঁও থানাৰ অন্তৰ্গত ঢেকেৰী গাঁৱৰ শ্বাহানুৰ আলীৰ ঘৰৰপৰা ছাবেদ আলী (৩৫) আৰু দিগন্ত কলিতা (৩৭) নামৰ দুই যুৱকক দলগাঁও আৰক্ষীয়ে আটক কৰে।
জানিব পৰা মতে, ছাবেদ আলিৰ ঘৰ ধূলাত আৰু দিগন্ত কলিতাৰ ঘৰ ওদালগুৰিত।
যুৱক দুজনে শুই থকা বিছনাৰ তলৰপৰা 7.6 mm এটা পিষ্টল, চাৰি জাঁই সজিব গুলী উদ্ধাৰ কৰা দয়। আৰক্ষীয়ে 295/19 U/S 25 (1-A) ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।