21
Jun
2019

অপূৰ্ব বৰা,তেজপুৰঃ তেজপুৰত অঘটন। শোণিতপুৰ বিদ্যালয় সংমণ্ডলৰ পৰিদৰ্শক জয়ৰাম হাজৰিকাৰ চৰকাৰী বাসভৱনৰ স্নানাগাৰত গণেশ হাজৰিকাৰ উলংগ মৃতদেহ উদ্ধাৰ।
জয়ৰাম হাজৰিকা পুৱাই গুৱাহাটীলৈ যোৱাৰ পিছত পৰিদৰ্শক গৰাকীৰ বাসভৱনৰ দুৱাৰ বন্ধ থকাত ৰাতি চৌহদৰ কৰ্মচাৰীয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে দুৱাৰ ভঙাৰ পিছত স্নানাগাৰৰ মজিয়াত পৰি থকা অৱস্থাত গণেশৰ মৃতদেহ উদ্ধাৰ কৰে।
আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ কাৰণে প্ৰেৰন কৰে। মৃত গণেশ পৰিদৰ্শক হাজৰিকাৰ ভতিজা।