24
Jun
2019

গুৱাহাটীঃ কামাখ্যা মন্দিৰত অনুষ্ঠিত মহা অম্বুবাচী মেলাত লাখ-লাখ ভক্তৰ সমাগম ঘটিছে। ভক্তৰ মাজত বিতৰণ গছপুলি। মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু পৰিৱেশ সচেতনতাৰ প্ৰচাৰ অভিযানকাৰী কনমানি সুহান মাল্লিকৰ উদ্যোগত ভক্তৰ মাজত ভিতৰত বিতৰণ কৰা হৈছে বিভিন্ন গছপুলি।
পৰিৱেশ সচেতনতাৰ উদ্দেশ্যে পোনপ্ৰথমবাৰৰ বাবে অম্বুবাচীত দেখিবলৈ পোৱা গ'ল এনে এক ব্যতিক্ৰমী দৃশ্য। দেওবাৰৰপৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই গছপুলি বিতৰণৰ শিবিৰ। গছ থাকিলে মানুহ থাকিব। এই মহা বাৰ্তালৈ অম্বুবাচীলৈ অহা ভক্তৰ মাজত বিলাই থকা হৈছে গছপুলি।
প্ৰতিদিনেই প্ৰায় এহাজাৰকৈ ভক্তক গছপুলি বিতৰণ তথা পৰিৱেশ সংৰক্ষণৰ বাবে আহ্বান জনাব উদ্যোক্তাই। ইফালে, সকলোকে মাৰ আশীষ লৈ আহি একোটিকৈ গছপুলি নিবলৈ অনুৰোধ কৰে শিবিৰটোত উপস্থিত লোকসকলে।