
নগাঁওঃ কোনো এক দুষ্ট চক্ৰই পৰিকল্পিতভাৱে চৰকাৰী প্ৰতিষেধক বেজীক কেন্দ্ৰ কৰি চলোৱা উৰা বাতৰিৰ আতংক এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো অব্যাহত আছে৷
আনকি স্বাস্থ্য বিভাগে এনকেফেলাইটিছ প্ৰতিষেধক বেজীত কোনো ক্ষতিকাৰক দ্ৰৱ্য নাই বুলি স্পষ্ট কৰি দিয়াৰ পিছতো জিলাখনৰ ঠায়ে ঠায়ে ভয় ভাব আঁতৰা নাই কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা৷
ঘাইকৈ জিলাখনৰ সংখ্যালঘূ বসতি প্ৰধান অঞ্চলৰ একাংশ বিদ্যালয়ত এইকেইদিনত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি যথেষ্ট পৰিমাণে পাতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে৷
এই সন্দৰ্ভত একাংশ বিদ্যালয়ৰ মুৰব্বীয়ে জানিবলৈ দিয়া মতে, এচাম অভিভাৱকে চৰকাৰী বেজী ল’লে ২০ বছৰৰ পিছত সন্তান জন্ম দিয়া শক্তি নাইকীয়া হ’ব বুলি সন্দেহৰ আশংকাত ভূগিছে৷
যাৰ ফলত তেওঁলোকৰ সন্তানক বিদ্যালয়লৈ পঠাবলৈ অনিহা প্ৰকাশ কৰি আহিবলৈ বাধা প্ৰদান কৰি আহিছে৷ তেওঁলোকে কোনো কাৰণতে চৰকাৰী বেজী দিয়াবলৈ প্ৰস্তুত নহয়৷
কাজেই, এইকেইদিনত জিলাখনৰ বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি অস্বাভাবিক ধৰণে হ্ৰাস পাইছে৷ গতিকে এইদৰে একাংশ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত বেজীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ভ্ৰান্তঃ ধাৰণা স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনে কিদৰে দূৰ কৰে সেয়া আজিৰ তাৰিখত বেছ লক্ষণীয় বিষয় হৈ পৰিছে৷