23
May
2017

প্ৰতিকী ফটো, উত্সঃ ইণ্টাৰনেট
গুৱাহাটীঃ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল অহা ৩০ মে’ত ঘোষণা কৰা হ’ব। এক বিবৃতিযোগে এই কথা সদৰী কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। এইবাৰ এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্ৰায় ২.৫ লাখ ছাত্ৰ-ছাত্ৰী।
২০ ফেব্ৰুৱাৰী ৰপৰা ২০ মাৰ্চ ২০১৭ৰ ভিতৰত অনুষ্ঠিত হৈছিল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা। ফলাফলসমূহ তলত দিয়া লিংকত উক্ত দিনটোত উপলব্ধ হ’ব বুলি শিক্ষা সংসদৰ এগৰাকী বিষয়াই জানিবলৈ দিছে।
♦ www.resultsassam.nic.in
♦ www.ahsec.nic.in
ইয়াৰে যিকোনো এটা ৱেবছাইটত উক্ত দিনটোত ৰিজাল্ট বুলি লিখা লিংকত ক্লিক কৰি ৰোল, নং দাখিল কৰাৰ পিছতে ফলাফল চাব পাৰিব পৰীক্ষাৰ্থীয়ে।