♦ এসপ্তাহে পানীৰ তলত চিলাপথাৰৰ বিদ্যালয়, আবাস, বিদেশী ন্যায়াধীকৰন আৰু বিএছএনএলৰ কাৰ্যালয়

চিলাপথাৰৰপৰা লক্ষীন্দ্ৰ সোণোৱালঃ জটিল হৈ পৰিছে চিলাপথাৰৰ কৃটিম বান পৰিস্থিতি। মুষলধাৰ বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে চিলাপথাৰ নগৰৰ বিভিন্ন গলি। পূৰ্বতকৈ বৃদ্ধি পাইছে পানীৰ পৰিমাণ।
নেৰানেপেৰা বৰষুণৰ ফলত নগৰৰ ন-ন গলি আৰু বাট পথ প্লাৱিত হৈ ব্যাহত হৈ পৰিছে যাতায়াত। পৰিকল্পিত নলা নৰ্দমাৰ আৱদ্ধ পানী ওলাই যাব নোৱাৰাত ডুব গ'ল অঞ্চলটোৰ পুৰণি শিক্ষানুষ্ঠান চিলাপথাৰ নগৰ প্ৰাথমিক বিদ্যালয়ৰ লগতে চিলাপথাৰ নগৰ মজলীয়া বিদ্যালয়। ফলত শিক্ষক-কৰ্মচাৰীৰ কাৰ্যালয়তে পাঠদানত চলাইছে কতৃপক্ষই। বিদ্যালয়ৰ শ্ৰেণীকোঠাৰপৰা শৌচাগাৰ পৰ্যন্ত একঁকাল পৰ্যন্ত পানীত ডুব গৈ আছে ঐতিহ্যমণ্ডিত বিদ্যালয় দুখন।
নগৰৰ জলন্ত সমস্যাকলৈ কাণসাৰ নাই তথাকথিত উন্নয়ণকামী চৰকাৰ, বিজেপি নেতৃত্বাধীন চিলাপথাৰ পৌৰসভা আৰু সংশ্লিষ্ট বিভাগৰ বৰমূৰীয়াসকলৰ। যোগাযোগ কৰিলেও সহাঁৰি নিদিয়ে পৌৰসভাৰ কতৃপক্ষই।
উপায় বিহীন ৰাইজে ৰাজহুৱা শ্ৰমদানৰ জৰিয়তে নলা কাটি আবাসিক এলেকাৰ পানী বোৱাই নিয়াৰ চেষ্টা চলাইছে। একেদৰে বানৰ কবলত জলমগ্ন হৈ পৰিছে চিলাপথাৰ বিদেশী ন্যায়াধীকৰণ আৰু বিএছএনএলৰ কাৰ্যালয় আৰু বাণিজ্যিক পাম।
চিলাপথাৰ বামগাঁও, কল্যাণপুৰ, জ্যোতি নগৰ, গান্ধী নগৰ, লাচিত নগৰ আদি আৱাসিক অঞ্চল প্লাৱিত হোৱাৰ লগতে নদীলৈ পৰ্যবসিত হৈ পৰেছে। কুম্ভকৰ্ণ নিদ্ৰাত থকা উন্নয়ন আৰু পৰিৱৰ্তনকামী জনপ্ৰতিনিধি আৰু চৰকাৰী বিভাগীয় বিষয়াক ৰাইজৰ চোকা সমালোচনা কৰিছে।