তিনিচুকীয়াঃ বিতৰ্কই লগ এৰা নাই উদ্বোধন কৰিবলৈ মাজত মাত্ৰ তিনিটা দিন থকা উজনি অসমৰ বহুচৰ্চিত ধলা-শদিয়া সংযোগী দলংখনক।

সোমবাৰে ৰাজ্যত পোন্ধৰটা বছৰে শাসনত থকা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বহুচৰ্চিত দলংখন পৰিদৰ্শন কৰিবলৈ আহি ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়োজিত নিৰাপত্তাৰক্ষীৰ দ্বাৰা বাধা প্ৰাপ্ত হোৱাত ৰাজ্যৰ ৰাজনীতিত উত্তাল হৈ পৰে৷

বিজেপি চৰকাৰৰ দ্বাৰা নিয়োজিত নিৰাপত্তাৰক্ষীয়ে কৰা এনে আচৰণত ক্ষুণ্ণ হৈ  বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীয়ে "আমি সন্ত্ৰাসবাদী নেকি?" বুলিও ৰাজ্য চৰকাৰক প্ৰশ্ন কৰাৰ সমান্তৰালভাৱে ৰাজনৈতিক ষড়যন্ত্ৰও নিহিত হৈ আছে বুলি সাংবাদিকক জানিবলৈ দিয়ে৷

ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক দলং পৰিদৰ্শনত বাধা দিয়া ঘটনাৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই শাসনাধিষ্ঠিত বিজেপিৰ তিনিজন বিধায়ক ক্ৰমে ডিগবৈৰ সুৰেণ ফুকন, মাৰ্ঘেৰিটাৰ ভাষ্কৰ শৰ্মা আৰু তিনিচুকীয়াৰ সঞ্জয় কিষাণে একেখন দলঙতে কোনো ধৰণৰ বাধা অবিহনে খোজ দিয়ে।

সুৰক্ষা ব্যৱস্থাৰ দোহাই দি তৰুণ গগৈক বাধা দিয়া স্থানীয় প্ৰশাসনে বিজেপি বিধায়ককেইজনক দলঙত প্ৰৱেশৰ সুবিধাহে কৰি দিয়ে। খেনোক দেখি ৰান্ধে-বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে নীতিৰে পৰিচালিত স্থানীয় প্ৰশাসনৰ পৰা সুযোগ লাভ কৰি দলংখন পৰিদৰ্শনতে সীমাৱদ্ধ নাথাকি তিনিওজন বিধায়কে ছেলফি লোৱাৰ লগতে ফটোৰ বাবেও প'জ দিয়ে।

প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে সুৰক্ষা ব্যৱস্থাৰ দোহাই দি গগৈক ওভতাই পঠিওৱা একেখন দলঙত শাসনাধিষ্ঠিত দলটোৰ তিনিজনকৈ বিধায়কে নিৰাপত্তা বেষ্টনী ভেদি প্ৰৱেশ কৰি ছেলফি তোলা কাৰ্যই সকলোৰে চকু কপালত তুলিছে।

স্থানীয় প্ৰশাসনৰ এনে কাৰ্যত হতভম্ব হৈ আইন সকলোৰে বাবে সমান হ'ব লাগে বুলিও মন্তব্য কৰিছে স্থানীয় লোকসকলে। "ঠিক আছে বাৰু মানি ল'লো সুৰক্ষা ব্যৱস্থাৰ কথা। যদি সুৰক্ষা ব্যৱস্থাৰ বাবেই তৰুণ গগৈক আহিবলৈ দিয়া নহ'ল, তেন্তে আজি বিজেপিৰ বিধায়কক কিয় আহিবলৈ দিয়া হ'ল? বিজেপিৰ বিধায়ক আহিব পাৰে, কিন্তু কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী আহিব নোৱাৰে। এয়া কেনে কথা?"-এইদৰে চৰকাৰক প্ৰশ্ন কৰে এজন স্থানীয় কংগ্ৰেছ নেতাই। 

উল্লেখ্য যে, নিজৰ কাৰ্যকালতে নিৰ্মিত দলংখনৰ কাম-কাজ পৰিদৰ্শন কৰিবলৈ আহিও প্ৰশাসনৰ বাধাৰ সন্মুখীন হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক এই পৰ্যন্ত উদ্বোধনী অনুষ্ঠানলৈকো আমন্ত্ৰণ জনোৱা হোৱা নাই বুলি জানিব পৰা গৈছে।