
বিহালীঃ ফেচবুকুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যক লৈ আপত্তিজনক পোষ্ট দি গ্ৰেপ্তাৰ হোৱা পৰিমল গোড়ে আজি জামিন লাভ কৰে৷
ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত যোৱা ৮ মে’ত গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে পৰিমল গোড়ক জেল হাজোতলৈ প্ৰেৰণ কৰিছিল যদিও বিশ্বনাথ চাৰিআলি ন্যায়িক আদালতে তেওঁক জামিনত মুক্তি দিয়ে৷
ইফালে, ফেচবুকত মুখ্যমন্ত্ৰী আৰু আছুৰ মুখ্য উপদেষ্টাৰ বিৰুদ্ধে আপত্তিজনক পোষ্ট দি গ্ৰেপ্তাৰ হোৱা পৰিমল গোড়ক বিনাচৰ্তে মুক্তিৰ দাবীত আজি দিনৰ ভাগত বৰগাংত চি পি আই (এম-এল) আৰু বিপ্লৱী যুৱ সন্থাই দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।
সংগঠন দুটাই যৌথভাৱে মুখত ক’লা কাপোৰ বান্ধি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বাক স্বাধীনতা ৰুদ্ধ কৰা সোণোৱাল চৰকাৰকো তীব্ৰ ভাষাৰে সমালোচনা কৰে।
বৰগাংস্থিত বিহালী খণ্ডৰ উন্নয়ন বিষয়াৰ কাৰ্যালয়ত প্ৰায় দুই শতাধিক সদস্যই দিনৰ ১২ বজাৰ পৰা দুই বজালৈ দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে বিপ্লৱী নেতাগৰাকীক বিনাচৰ্তে মুক্তিৰ দাবী জনাইছিল সংগঠন দুটাই।