
খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ অধীনত থকা খেৰণি ক্ৰীড়া সংস্থাৰ উদ্যোগত দেওবাৰৰপৰা আৰম্ভ হৈছে প্ৰয়াত ক্লেন্দোন তেৰণ সোঁৱৰণি ফুটবল প্ৰতিযোগিতা। প্ৰয়াত ক্লেন্দোন তেৰণ প্ৰাক্তন গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ আৰু কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সহ সাধাৰণ সম্পাদক আছিল।
খেৰণি খেলপথাৰত ২৮ জুলাইৰপৰা আৰম্ভ কৰা উল্লেখিত ফুটবল প্ৰতিযোগিতাখনৰ অন্ত পৰিব নিৰ্ধাৰিত অহা ১৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলেৰে। উল্লেখ্য যে, খেৰণি ক্ৰীড়া সংস্থাৰ সভাপতি ধনছিং ডেৰাকে ধৰি কপিলি সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ হনছিং টেৰাং, ভালেসংখ্যক বৃহত্তৰ খেৰণি অঞ্চলৰ বিশিষ্ট ব্যক্তি, সমাজসেৱক, ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু খেলুৱৈৰ উপস্থিতিত আনুষ্ঠানিকভাৱে কালিৰে পৰা শুভাৰম্ভ কৰা হয়৷ কিছুদিন পূৰ্বে আকস্মিকভাৱে বিয়োগ ঘটা প্ৰয়াত ক্লেন্দোন তেৰণৰ সোঁৱৰণিত এই ফুটবল প্ৰতিযোগিতা।
গুৰুত্বপূৰ্ণ যে ইতিমধ্যে ১২ টাকৈ দলে যোগদান কৰা প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি খেলত প্ৰয়াত ক্লেন্দোন তেৰণৰ পত্নী আৰু পিতা থং তেৰণ খেলপথাৰত উপস্থিত হৈ প্ৰয়াত তেৰণৰ প্ৰতিচ্ছবিত বন্তি আৰু ফুল অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি দিয়াৰ লগতে পুত্ৰক সুঁৱৰি পিতাই আৰু স্বামীক সুঁৱৰি পত্নীয়ে খেলপথাৰতে হিয়াভাঙি কান্দিবলৈ ধৰে।
ইয়াৰ পাছতেই প্ৰয়াত তেৰণৰ বিদেহী আত্মাৰ চিৰশান্তি বিচাৰি মৌন প্ৰাৰ্থনা কৰে তেৰণৰ পৰিয়ালৰ লগতে উপস্থিত থকা ৰাইজ আৰু খেলুৱৈসকলে। আনহাতে, আয়োজিত প্ৰতিযোগিতাত উপস্থিত হোৱা প্ৰয়াত তেৰণৰ পিতা থং তেৰণে উদীয়মান যুৱ খেলুৱৈসকলক মানসিক উৎসাহ উদ্দীপনা প্ৰদান কৰি কয় যে বৰ্তমানৰ দিনত বা আজিৰ দিনত ক্ৰীড়া কেৱল মানসিক সন্তুষ্টি, আনন্দ অথবা প্ৰমোদ প্ৰদানতে সীমাবদ্ধ হৈ থকা নাই, এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত ক্ৰীড়াৰ গুৰুত্ব বা ভূমিকা অপৰিসীম। সেয়ে ক্ৰীড়াৰ জৰিয়তে বিভিন্ন শৈলী, ক'লা-কৌশল আদি আয়ত্ব কৰি ক্ৰীড়াক জীৱনৰ এক অপৰিহাৰ্য্য অংশ হিচাপে গুৰুত্ব আৰোপ কৰিব লাগে আজিৰ নৱ প্ৰজন্মই।
পিছপৰা অঞ্চল, অন্যান্য সমস্যা বা আৰ্থিক দৈন্যতাকো নেওচি এগৰাকী ব্যক্তিয়ে সুদক্ষ আৰু জনপ্ৰিয় খেলুৱৈ হ’ব পাৰে। যিদৰে এলেন দেউৰী, হলিচৰণ নাৰ্জাৰী, দুৰ্গা বড়ো আদি খেলুৱৈসকল পিছপৰা অঞ্চলৰ যদিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশ লৈ এওঁলোকে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ঠিক তেনেদৰে আমাৰ এনেবোৰ পিছপৰা অঞ্চলৰ পৰাও এগৰাকী সুদক্ষ, জনপ্ৰিয় খেলুৱৈ হিচাপে গঢ় দিবলৈ অথবা যুৱ খেলুৱৈয়ে ক্ৰীড়াক জীৱনৰ অন্যতম লক্ষ্য হিচাপে লৈ আগবাঢ়ি যাবলৈ আহ্বান জনায় খেলুৱৈ সকলক। লগতে নীতি-নিয়ম, ৰেফাৰীৰ নিৰ্দেশ আৰু শৃংখলাৰ মাজেৰে খেলুৱৈসকলক নিজৰ খেলৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈও আহ্বান জনায় তেৰণে।
উল্লেখযোগ্য যে, উক্ত খেলৰ শুভাৰম্ভণিত ফেলাংপি ফুটবল দলৰ বিপৰীতে মাটিখোলা ফুটবল দলে তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াই এক আকৰ্ষণীয় খেলেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। অৱশ্যে অৱশেষত ২-১ গ'লৰ ব্যৱধানত ফেলাংপি দলে দেওবাৰৰ প্ৰথমখন খেলত জয়লাভ কৰিবলৈ সক্ষম হয়। গুৰুত্বপূৰ্ণ যে, এই প্ৰতিযোগিতাৰ যোগেদিয়েই নিৰ্বাচিত খেলুৱৈয়ে খেৰণি ক্ৰীড়া সংস্থাৰ হৈ অনাগত দিনত আন্ত:জিলা অথবা আন্ত:ক্ৰীড়া সন্থা ফুটবল প্ৰতিযোগিতাসমূহত ফুটবল খেল খেলাৰ সুযোগ লাভ কৰিব পাৰিছে।