26
May
2017

ডিজিটেল ডেস্কঃ চাহিদা কমাৰ লগে লগে পণ্যৰ দামো কমে। এনেকুৱাই এক বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে পনীয়া সোণ পেট্ৰ’লৰ। এই মত ব্যক্ত কৰিছে ভৱিষ্যতৰ বিজ্ঞানৰ এজন অন্বেষকে।
ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ 'কণ্টিনিউইং ষ্টাডিজ প্ৰ’গ্ৰাম’ৰ নিৰ্দেশক টনি চেবাই এই মত প্ৰকাশ কৰিছে। বিকল্প ইন্ধনৰ চাহিদা বৃদ্ধিৰ লগে লগে এটা সময়ত এনে এক পৰিস্থিতিৰে কল্পনা কৰিছে টনিয়ে।
সৌৰ শক্তি চালিত আৰু বৈদ্যুতিন বাহনৰ প্ৰচলনৰ পৰিপ্ৰেক্ষিততে আগন্তুক ১০-১৫ বছৰৰ ভিতৰত এনে এক পৰিস্থিতি উদ্ভৱ হ’ব বুলি মত প্ৰকাশ কৰিছে বিজ্ঞানীজনে৷
উল্লেখযোগ্য যে কেইদিনমান আগতেই ভাৰতৰ কেন্দ্ৰীয় শক্তি মন্ত্ৰী পিয়ুস গোৱেলে অনাগত কেইবছৰমানৰ ভিতৰতে দেশত বৈদ্যুতিক বাহন প্ৰৱৰ্তন কৰাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰিছিল৷