বঢ়মপুৰঃ চামগুৰিত ৰাজ্যৰ বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম শনিবাৰে উপস্থিত হোৱাৰ প্ৰাক মুহুৰ্ততে শুকুৰবাৰে নিশা চামগুৰিৰ উদমাৰি স্থিত খণ্ড বন বিষয়াৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণ।

২০-২৫ জনীয়া এটা দুৰ্বৃত্তৰ দলে বন কৰ্মী নথকাৰ সুযোগ গ্ৰহণ কৰি হাতে-হাতে চোকা অস্ত্ৰলৈ অতৰ্কিতে আক্ৰমণ চলাই সম্পূৰ্ণৰূপে ভাঙি তচনচ কৰে কাৰ্যালয়টো। সমীপতে থকা বন বিভাগৰে এটা পৰিদৰ্শন ভৱন লণ্ড-ভণ্ড কৰে দলটোৱে।

এটা ফোন কলৰ ভিত্তিত বন কৰ্মীৰ দলটো সেই সময়ত গৈছিল হাতী খেদিবলৈ। ঠিক তাৰ পিছতেই কাৰ্যালয়টোত এনেধৰণেৰে পৰিকল্পিত আক্ৰমণ চলোৱা কাৰ্যলৈ চাই বন মাফিয়াৰ দ্বাৰা এই সমগ্ৰ পৰিকল্পিত আক্ৰমণ চলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিষয়া-কৰ্মীসকলে।

ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ততাতৈয়াকৈ চামগুৰি আৰক্ষীক আৰু প্ৰায় পাচ কিলোমিটাৰ নিলগতে থকা শালনা আঞ্চলিক বন বিষয়া জনক অবগত কৰা হৈছিল যদিও কিন্তু পুৱা পৰ্য্যন্ত ধ্বংস প্ৰাপ্ত কাৰ্যালয়টোত উপস্থিত নহ’ল এজনো বিষয়া।

সমগ্ৰ নিশাটো তীব্ৰ শংকাৰ মাজেৰে বন কৰ্মীৰ দলটোৱে পাৰ কৰিব লগীয়া হোৱা ঘটনাই প্ৰকৃততে চামগুৰিত বন মাফিয়াৰ গুণ্ডাগিৰিয়ে যে চৰম সীমা পাৰ কৰিছে তাক সহজতে অনুমান কৰিব পাৰি বুলি সৰ্বসাধাৰণে মত প্ৰকাশ কৰিছে।