মুছলপুৰঃ পাৱাৰগ্ৰীডৰ মইমতালিক লৈ শনিবাৰে উত্তপ্ত হৈ পৰে বাগছা জিলাৰ মুছলপুৰ। পাৱাৰগ্ৰীডৰে লগ হৈ আৰক্ষীয়ে গছ কটাক লৈ অঞ্চলটোত এনে পৰিস্থিতিৰ উদ্ভৱ হয়।

উল্লেখ্য যে, পাৱাৰগ্ৰীড কৰ্তৃপক্ষই জিলাখনৰ মাজেৰে যোৱা অৰুণাচল-আগ্ৰা উচ্চ শক্তিসম্পন্ন বিদ্যুৎ লাইনৰ ফলত ক্ষতিগ্ৰস্ত ১২শতাধিক পৰিয়ালক, ২০১২ চনৰ পৰা কেবাবাৰো আলোচনা কৰিও সম্পূৰ্ণ ক্ষতিপূৰণ আদায় দিয়া নাই।

ইয়াকে লৈ কেবাবাৰো আন্দোলনত নামিছিল অ়ঞ্চলটোৰ ক্ষতিগ্ৰস্ত ৰাইজ। ৰাইজৰ আন্দোলনত সেও মানি বাগছা জিলা প্ৰশাসনে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ক্ষতিপূৰণ দাবী সমিতিক পাৱাৰগ্ৰীডে ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত গছ-গছনি কাটিবলৈ দিয়া নহয় বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে সেয়া কাৰ্যকৰী নহ'ল।

ইয়াৰ মাজতে আজি পাৱাৰগ্ৰী়ডে আৰক্ষী লগত লৈ  পুৱা টাৱাৰৰ তলৰ বেন্নাবাৰী গাঁৱত গছ-গছনি কাটিবলৈ লোৱাত ৰাইজে ওলাই আহি বাধা দিয়ে৷ এই লৈ উত্তপ্ত হৈ পৰে অঞ্চলটো।

ক্ষতিগ্ৰস্ত লোকসকলে ক্ষতিপূৰণ নোপোৱা পৰ্যন্ত জিলা প্ৰশাসনে গছ কটা বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও প্ৰতিশ্ৰুতি মতে কাম নকৰাত প্ৰায় ৪ ঘন্টা ধৰি মুছলপুৰ সদৰ থানা ঘেৰাওঁ কৰি পাৱাৰগ্ৰীড হুছিয়াৰ, আৰক্ষী হুছিয়াৰ ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ।

আনকি থানা ভঙাৰো হুংকাৰ দিয়ে ক্ষুব্ধ ৰাইজে। পিছত আৰক্ষী-প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াসকল উপস্থিত হৈ পুনৰ ভুল নকৰাৰ প্ৰতিশ্ৰুতি দিয়াত প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰাখে৷ প্ৰতিবাদী জনতাই ক্ষতিপূৰণ নাপালে আন্দোলন চলোৱাৰো হুংকাৰ দিয়ে প্ৰতিবাদী জনতাই।