সৰভোগঃ শৈক্ষিক পৰিৱেশ বিনস্ত কৰি মৃত্যুৰ মুখে ধাৱমান হোৱা এখন বিদ্যালয় হৈছে বিজয়পুৰ মধ্য ইংৰাজী বিদ্যালয়। ফ’ৰলেনৰ নিৰ্মাণৰ ফলতেই বিদ্যালয়খনলৈ লক্ষণীয়ভাবে কমি আহিছে ছাত্ৰ-ছাত্ৰী। 

বৰপেটা জিলাৰ অন্তৰ্গত সৰভোগ নগৰৰ কিছু নিলগত ১৯৮১ চনত স্থাপিত হৈছিল এই বিদ্যালয়খন। বৰ্তমান এইখন শিক্ষানুষ্ঠান ষষ্ট শ্ৰেণীত ৭ জন শিক্ষাৰ্থী, সপ্তম শ্ৰেণীত ১ জন শিক্ষাৰ্থী, অষ্ঠম শ্ৰেণীত ০ শিক্ষাৰ্থীকে ধৰি মুঠ ৮ গৰাকীহে শিক্ষাৰ্থী আছে। তাৰ পৰিবৰ্তে প্ৰধান শিক্ষকে ধৰি মুঠ ৫ জন শিক্ষক আৰু ১ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে।

শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষক অমৃত চন্দ্ৰ নাথে জানিবলৈ দিছে যে এইখন বিদ্যালয়খন ২০১৩ বৰ্ষত চৰকাৰীকৰণ হৈছে। পূৰ্বতে এইখন বিদ্যালয়ত বহু শিক্ষাৰ্থী আছিল। কিন্তু ফ’ৰলেন যুক্ত পথ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পিছৰে পৰাই এই শিক্ষানুষ্ঠানত শিক্ষাৰ্থী সংখ্যা ক্ৰমান্বয়ে কমি যাবলৈ ধৰিছে। কাৰণ যিটো পথেৰে বহু গাঁওৰ শিক্ষাৰ্থী আহিছিল, সিটো পথত চাৰিলেন যুক্ত পথ নিৰ্মাণ হোৱাৰ পিছত দুৰ্ঘটনা বৃদ্ধি হ’বলৈ ধৰিছে।

 'আমাৰ এইখন বিদ্যালয়ত গৰমৰ পৰা হাত সাৰিবলৈ নাই বিদ্যুত, শিক্ষাৰ্থীসকল মানসিক বিকাশৰ বাবে পুথিভড়াল নাই, এজাক ধুমুহা বৰষুণ আহিলে গৃহৰ টিনপাট উৰুৱাই নিয়ে।’ এই বুলি জনায় বিদ্যালয়খনৰ শিক্ষকে।

এই টিনৰ পাত পুনৰ লগোৱাৰ বাবে শিক্ষকসকলে নিজৰ জমা পুঁজি খৰচ কৰিব লগা হয়।  বিদ্যালয়খনত শিক্ষাৰ্থীৰ বাবে নাই অনাময়ৰ ব্যৱস্থা, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰ ভালপোৱা শিক্ষাৰ্থীসকলৰ বাবে নাই কোনো সামগ্ৰী।

বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পিছতেই শিক্ষানুষ্ঠানৰ শিক্ষক, ৰাইজ তথা পৰিচালনা সমিতিৰ সদস্যসকলে গৈ অভিভাৱকসকলক লগ ধৰি নিজ সন্তানক শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ অনুৰোধ জনায়। এতিয়া সৰভোগৰ সচেতন মহল তথা বিভিন্ন দল সংগঠনে অসমৰ শিক্ষামন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিৎ কুমাৰ দাসক অনুৰোধ কৰিছে যাতে শীঘ্ৰে এইখন বিদ্যালয়ত আন্তঃগাঁথনি উন্নয়ন কৰি শিক্ষাৰ্থীসকলৰ ভৱিষ্যত সুন্দৰ কৰাৰ বাট প্ৰশস্ত কৰে।