
অভয়াপুৰীঃ বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ সমীপৱৰ্তী শিৱপুৰত ভাগিনীয়েকে মোমায়েকক দাৰে ঘপিয়াই আহত কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ভাগিনীয়েকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত মোমায়েক বলেন দাসক ততাতৈয়াকৈ অভয়াপুৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
পাৰিবাৰিক সংঘাতৰ বাবেই এই অঘটন সংঘটিত হোৱা বুলি জানিবলৈ দিছে ওচৰ-চুবুৰীয়াসকলে। প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, অভিযুক্ত দেৱেন দাসে ঘৰত অকলে থকাৰ সুযোগ গ্ৰহণ কৰি মোমায়েকক দাৰে ঘপিয়াই অচেতন অৱস্থাত ৰাখি কোঠাটোত তলা লগাই পলাই যায়।
পিছত এটি শিশুৱে এখন খিৰিকীৰে কোঠাটোৰ ভিতৰত এজন মানুহ তেজেৰে লুটুৰি পুতুৰি হৈ পৰি থকা দৃশ্য দেখি গাঁওবাসীক কথাটো অৱগত কৰে।
এই কথা জানিব পাৰি ওচৰ-চুবুৰীয়াসকলে ঘটনাস্থলীত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। লগে লগে ৰাইজে অভিযুক্ত ভাগিনীয়েক দেৱেন দাসক আটক কৰি বান্ধি লৈ উত্তম-মধ্যম শোধায়।
পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত ভাগিনীয়েকক আটক কৰি অভয়াপুৰী থানালৈ লৈ যায়।