
খেৰণিঃ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে নাটকীয় পট পৰিৱৰ্তন দেখা গৈছে পাহাৰীয়া জিলা কাৰ্বি আংলঙত। নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত সঘনে সলনি হৈছে দৃশ্যপট। ভোটাৰ ৰাইজক বিভ্ৰান্ত কৰি তুলিছে নেতা-পালিনেতাৰ বাদ-বিসম্বাদ আৰু দল বাগৰা কাৰ্যই।
প্ৰতিটো পৰিষদীয় সমষ্টিতে এতিয়া নিৰ্বাচনী ধুমুহাই এফালৰ পৰা চুই গৈছে কাৰ্বি পাহাৰৰ জনতাক৷ এফালে বিজেপিত টিকট কেন্দ্ৰীক বিসম্বাদৰ সৃষ্টি কৰি একাংশই অগপৰ প্ৰাৰ্থীত্ব লৈ পৰিষদীয় সমষ্টিত বিশাল মটৰ চাইকেল-বাহন আদিৰ ৰেলি উলিয়াই নিৰ্বাচনী ৰণশিঙা বজাইছে।
আনফালে কাৰ্বি আংলং ডেম’ক্ৰেটিক ফৰামে ৰাইজৰ পদূলিয়ে পদূলিয়ে নিৰ্বাচনী অভিযান চলাই দলীয় ভেঁটি মজবুত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে একাংশ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰি কংগ্ৰেছ-এইছ.এছ.ডি.চি.ত জোঁকাৰণি তুলিছে৷
মুঠতে পাহাৰীয়া জিলাখনত প্ৰতিটো দলে এতিয়া বিভিন্ন কাৰ্য্যসুচী, কৌশল আৰু যোগ-বিয়োগেৰে নিৰ্বাচন বৈতৰণী পাৰ হোৱাৰ অংক কৰাত ব্যস্ত হৈ পৰিছে।
আজি পৰিষদীয় ৭ নং কপিলি সমষ্টিৰ খেৰনিত অৱস্থিত বিজেপি আমৰেং মণ্ডল সমিতিৰ স্থায়ী কাৰ্য্যালয়ত উক্ত সমষ্টিটোৰ নিৰ্বাচন পৰিচালনা সমিতিৰ উদ্যোগত নিৰ্বাচনী সভা আয়োজনেৰে কংগ্ৰেছ-এইছ.এছ.ডি.চি. দলৰ সক্ৰিয় নেতা কৰ্মীক বিজেপিত যোগদান কৰোৱাই বিসম্বাদ সৃষ্টি হোৱা দলটোয়ে নিজৰ শক্তি আৰু ক্ষমতাক বাহাল ৰাখে৷
পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সভাপতি আৰু টেৰাঙৰ বিপৰীতে সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী পবন কুমাৰ আৰু শতাধিক ৰাইজৰ উপস্থিতিৰে আয়োজন কৰা সভাত কংগ্ৰেছ-এইছ.এছ.ডি.চি. দলৰ মুঠ ৫২ গৰাকীকৈ সক্ৰিয় নেতা কৰ্মীয়ে আজি আনুষ্ঠানিকভাৱে বিজপিত যোগদান কৰি বিজেপি দল শক্তিশালী কৰাত সহায় আগবঢ়ায়৷