
গৌৰীসাগৰঃ কাঠ মিস্ত্রিৰ পুতেক যে কাঠ মিস্ত্রিয়েই হ’ব লাগিব তেনেকুৱা কোনো কথা নাই। তাকেই স্পষ্ট প্রমাণ কৰি দেখুৱালে শিৱসাগৰ জিলাৰ এজন ছাত্ৰই। প্ৰজন্মক বাট দেখুওৱাৰ বাবে ভৱিষ্যতে বিজ্ঞান বিভাগৰ প্রবক্তা হোৱাৰ মন এইজন কৃতী ছাত্ৰৰ।
কেৱল ৩ নম্বৰৰ বাবেই স্থান লাভ নকৰা শিৱসাগৰ জিলাৰ গৌৰীসাগৰ ন-দিছিয়াল গাঁৱৰ অতি দৰিদ্র পৰিয়ালৰ সন্তান মানৱ নেওঁগ। কোনো ঘৰুৱা শিক্ষকৰ সহায় নোলোৱাকৈ পঢ়া-শুনা কৰি মানৱে অসমীয়া বিষয়ত ৮৯, সাধাৰণ গণিতত ৯৬, বিজ্ঞানত ৯৭, ইংৰাজীত ৯৯, ঐচ্ছিক গণিতত ৯৮ আৰু সমাজ বিজ্ঞানত ৯৮ নম্বৰ লাভ কৰিছে।
তদুপৰি দেশৰ সুনাগৰিক হোৱাৰো ইচ্ছা মানৱৰ। ৰঞ্জিত নেওঁগ আৰু নিবেদিতা নেওঁগৰ দ্বিতীয় পুত্র মানৱে সাংস্কৃতিক দিশতো এক সুকীয়া দক্ষতা আছে, ঢোল বজোৱা, অভিনয় কৰা, খেলা-ধূলা কৰাৰ মাজতো মানৱে দেউতাকক মিস্ত্রিৰ কামতো সহায় কৰি দিছিল।
বুঢ়ি আইৰ সাধু মানৱৰ প্রিয় গ্ৰন্থ। আইতাকে সৰুতে মানৱক চোতালত বহুৱাই কোৱা সাধু আৰু বিশাল আকাশৰ তলত বহি বিশাল মনৰ অধিকাৰী হ’বলৈ মানৱক শিকাইছিল। মানৱৰ এই আদৰ্শকে অনুসৰণ কৰি এই সাফল্য লাভ কৰা বুলি মত প্ৰকাশ কৰে পৰিয়ালবৰ্গই।